সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত চাণক্য প্ৰতিৰক্ষা আলোচনা-২০২৫ত দিয়া ভাষণত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে প্ৰতিটো সুৰক্ষা প্ৰত্যাহ্বানৰ সময়ত সশস্ত্র বাহিনীসমূহে অভূতপূর্ব অভিযোজ্যতা আৰু দৃঢ় সংকল্প প্ৰদৰ্শন কৰি আহিছে। তেওঁ লগতে অলপতে চলোৱা অপাৰেচন সিন্দূৰৰ সাফল্য দেশৰ সন্ত্ৰাস প্ৰতিৰোধী ৰণকৌশলৰ বাবে নির্ণায়ক ক্ষণ বুলি অভিহিত কৰে। শ্রীমতী মুৰ্মুৱে কয়, যে সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক সামৰ্থ্যৰ কথা অনুধাৱন কৰাই নহয়, বৰং শান্তিৰ ক্ষেত্ৰত দেশৰ দৃঢ়তা আৰু দায়িত্বশীলতাৰে কাৰ্য্য নিৰ্বাহ কৰাৰ নৈতিক স্পষ্টতাৰ বিষয়টোও গুৰুত্বসহকাৰে বিবেচনা কৰিছে।
প্ৰতিৰক্ষা বাহিনীসমূহ অভিযান চলোৱাৰ ভূমিকাৰ উপৰি ৰাষ্ট্ৰীয় উন্নয়নৰো স্তম্ভৰূপে পৰিগণিত হৈ আহিছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে সশস্ত্র বাহিনীসমূহে সীমান্ত অঞ্চলসমূহৰ সুৰক্ষা সুদৃঢ় কৰাৰ উপৰি আন্তঃগাঁথনি, যোগাযোগ, পৰ্য্যটন আৰু শিক্ষাৰ মাধ্যমেৰে সীমামূৰীয়া এলেকাসমূহৰ বিকাশত সহায় কৰি আহিছে৷
Site Admin | November 27, 2025 2:21 PM | Akashvani | Akashvani News | Droupadi Murmu | President of india
সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছেঃ ৰাষ্ট্ৰপতি