ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শাৰদীয় দুর্গা পূজা উপলক্ষে গুৱাহাটী পৌৰ নিগমৰ পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন

শাৰদীয় দুর্গা পূজা উপলক্ষে গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ দৰে এইবাৰো পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি এখন সংবাদমেলযোগে স্বচ্ছতা বজাই ৰখা পূজা সমিতিসমূহক প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰি পেলনীয়া সামগ্ৰী তথা জাৱৰ আদি সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা বেচৰকাৰী সংস্থাসমূহৰ মাজতো প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে, লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত ভূমিকা লোৱা পাৰিষদসমূহৰ সংশ্লিষ্ট ৱাৰ্ডৰ উন্নয়নৰ বাবেও বিশেষ পুঁজি আগবঢ়োৱা হ’ব।