April 11, 2025 8:27 PM

views 44

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত অনুষ্ঠিত সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত আজি নিগমৰ উজান বজাৰৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে ঘোষণা কৰা হয়। এই অনুসৰি ১৫ মিলিমিটাৰ ব্যাসৰ নল সংযোগৰ বাবে গুৱাহাটী পৌৰ নিগমৰ জল সংযোগকাৰী গ্ৰাহকসকলক গুৱাহাটী জলবোৰ্ডৰ সংযোগলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ৯,৫০০ টকাৰ অনুদান প্ৰদান কৰা হৈছে। পৌৰ নিগমৰ জল যোগান অহা পহিলা জুলাইৰ পৰা বন্ধ কৰা হ’ব। গুৱাহাটী জলবোৰ্ডৰ অনুদান আঁচনি ধর্মীয় প্রতিষ্ঠান, নামঘৰ, সামুহিক ভৱন, মহিলা সমিতি, সংঘ আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব।...

October 7, 2024 2:14 PM

views 44

শাৰদীয় দুর্গা পূজা উপলক্ষে গুৱাহাটী পৌৰ নিগমৰ পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন

শাৰদীয় দুর্গা পূজা উপলক্ষে গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ দৰে এইবাৰো পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি এখন সংবাদমেলযোগে স্বচ্ছতা বজাই ৰখা পূজা সমিতিসমূহক প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰি পেলনীয়া সামগ্ৰী তথা জাৱৰ আদি সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা বেচৰকাৰী সংস্থাসমূহৰ মাজতো প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে, লগতে পৰিষ্কাৰ-পৰিচ্ছন্ন...

June 15, 2024 12:28 PM

views 41

গুৱাহাটী পৌৰ নিগমৰ ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয়

গুৱাহাটী মহানগৰীক স্বচ্ছ আৰু আৱৰ্জনামুক্ত কৰি ৰখাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয় কৰিছে। লগতে আৱৰ্জনা সংগ্ৰহৰ বাবে ৬.৬৯ কোটি টকা ব্যয়ৰে ৬০খন ই-বাহন ক্ৰয় কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠৰ যানশালাৰ কাৰ্যালয়ত মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাবে পথ পৰিস্কাৰ কৰা মেচিন আৰু ই-বাহন মুকলি কৰে। মেয়ৰ মৃগেন শৰণীয়াই বাহনকেইখন মুকলি কৰি গুৱাহাটী মহানগৰীক পৰিস্কাৰ আৱৰ্জনামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত এই অত্যাধুনিক পথ পৰিস্কাৰ কৰা মেচিনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ ...