ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকা-ৰাছিয়া উভয় দেশৰ নেতৃত্বক প্রশংসা ভাৰতৰ

ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলাস্কাত অনুষ্ঠিত বৈঠকক আদৰণি জনাইছে আৰু কৈছে যে, শান্তি প্ৰতিষ্ঠাৰ বাবে উভয় দেশৰ নেতৃত্ব প্রশংসনীয়। বৈদেশিক মন্ত্ৰালয়ে বৈঠকত হোৱা আলোচনাৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু কয়, যে কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে শান্তি প্রতিষ্ঠা সম্ভৱ। মন্ত্ৰ্যালয়ে কয়, যে সমগ্র বিশ্বই অতি শীঘ্ৰেই ইউক্রেইনৰ সংঘৰ্ষ সমাপ্ত হোৱাটো বিচাৰে। ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে যুদ্ধ সমাপ্ত কৰাৰ বাবে ইউক্রেইনে ৰাছিয়াৰ সৈতে বুজাবুজি কৰা উচিত বুলি পৰামৰ্শ আগবঢ়াইছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্ৰায় তিনি ঘণ্টাধৰি চলা বৈঠকৰ অন্তত শ্ৰী ট্রাম্পে এই পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্রেইনক আক্ৰমণ কৰাৰ পাছত আমেৰিকা আৰু ৰাছিয়াৰ মাজত কালি আলাস্কাত প্ৰথমবাৰৰ বাবে বৈঠক অনুষ্ঠিত হয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আমেৰিকাৰ সৈতে হোৱা আলোচনাৰ পাছত ইউক্রেইনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ’ব বুলি আশা প্ৰকাশ কৰে। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল ডিমিৰ জেলেনক্সি পৰহিলৈ ৱাশ্বিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে বৈঠক মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।