September 11, 2025 3:44 PM

views 25

ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদানৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান

■ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনা বাহিনীত যোগদান কৰাৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয়, যে একাংশ ভাৰতীয় নাগৰিকক অলপতে ৰাছিয়াৰ সেনা বাহিনীত নিয়োজিত কৰাৰ বাতৰি পোৱা গৈছে। তেওঁ কয়, যে চৰকাৰে বিগত এটা বছৰত এনেধৰণৰ কামৰ বিপদাশংকা আৰু ভয়াৱহ পৰিণামৰ বিষয়ে অৱগত কৰি আহিছে আৰু নাগৰিকসকলক সতৰ্ক কৰি দিছে। শ্রী জয়ছোৱালে লগতে কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰাছিয়াৰ বিভিন্ন কৰ্তৃপক্ষৰ স...

August 16, 2025 8:54 PM

views 52

শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকা-ৰাছিয়া উভয় দেশৰ নেতৃত্বক প্রশংসা ভাৰতৰ

ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলাস্কাত অনুষ্ঠিত বৈঠকক আদৰণি জনাইছে আৰু কৈছে যে, শান্তি প্ৰতিষ্ঠাৰ বাবে উভয় দেশৰ নেতৃত্ব প্রশংসনীয়। বৈদেশিক মন্ত্ৰালয়ে বৈঠকত হোৱা আলোচনাৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু কয়, যে কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে শান্তি প্রতিষ্ঠা সম্ভৱ। মন্ত্ৰ্যালয়ে কয়, যে সমগ্র বিশ্বই অতি শীঘ্ৰেই ইউক্রেইনৰ সংঘৰ্ষ সমাপ্ত হোৱাটো বিচাৰে। ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে যুদ্ধ সমাপ্ত কৰাৰ বাবে ইউক্রেইনে ৰাছিয়াৰ সৈতে বুজাবুজি কৰা উচিত ...

November 12, 2024 8:14 AM

views 29

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ‍

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ‍ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক, শক্তি তথা যোগাযোগকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত- বিনিময় কৰে। সাক্ষাৎকালত শ্ৰী মোদীয়ে উভয় দেশৰ মাজত থকা বিশেষ কৌশলগত সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে দুয়োপক্ষই কৰি অহা প্ৰচেষ্টাৰ শলাগ লয়। শ্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনলৈ শুভেচ্ছা জ্ঞাপন কৰি দেশখনৰ সৈতে কৰি অহা কাম-কাজ অধিক আগুৱাই নিবলৈ আগ্ৰহী বুলি প্...

October 22, 2024 11:08 AM

views 24

ব্রিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষোড়শ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে আজি ৰাছিয়ালৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে কাজানত হ'বলগীয়া ব্ৰিকছ সন্মিলনত অংশ ল'ব। এইবাৰৰ এই সন্মিলনৰ বিষয় হৈছে-গোলকীয় বিকাশ আৰু সুৰক্ষাৰ বাবে বহুপাক্ষিকতা শক্তিশালী কৰা। ৰাছিয়াত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় কুমাৰে কালি কাজানত আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত কয় যে, এই সন্মিলনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ আলোচনা কৰাৰ বাবে গুৰ...

July 10, 2024 12:30 PM

views 38

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে ৯খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, মানচিত্র বিজ্ঞান, ধ্রুৱীয় গৱেষণা, বিনিয়োগ, বাণিজ্য আৰু ভেষজ অন্যতম। নতুন দিল্লী আৰু মস্কো মহলে লগতে প্ৰসাৰ ভাৰতী আৰু টিভি ন'ৱষ্টিৰ মাজত প্ৰচাৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মস্কোত কালি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত বিদেশ সচিব বিনয় মোহন কোৱাট্টাই কয় যে প...

July 10, 2024 11:55 AM

views 32

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান আগবঢ়োৱা হৈছে। দুদিনীয়া ভ্রমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্রী মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ...

May 16, 2024 11:19 AM

views 32

নতুন দিল্লীত ভাৰত আৰু ৰাছিয়াৰ আফগানিস্তান সন্দর্ভত দ্বিপাক্ষিক আলোচনা

ভাৰত আৰু ৰাছিয়া কালি নতুন দিল্লীত আফগানিস্তান সন্দর্ভত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বিদেশ মন্ত্রালয়ৰ তথ্য অনুসৰি আফগানিস্তানত থকা ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিশেষ কটকী জামিৰ কাবুলভ আৰু ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ পাকিস্তান, আফগানিস্তান আৰু ইৰাণ বিভাগৰ যুটীয়া সচিব জে পি সিঙে আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। আলোচনাকালত উভয় পক্ষই আফগানিস্তানৰ জনসাধাৰণৰ কল্যাণৰ বাবে উন্নয়নমূলক সাহায্য প্ৰদানৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে।