মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ: ৰাষ্ট্ৰপতি

● মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱসৰ অনুষ্ঠান আৰু নিত্য আৱশ্যকতা নিশ্চিতকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মর্যাদাৰ সৈতে কেতিয়াও আপোচ কৰিব পৰা নাযায় আৰু কোনো ব্যক্তিকে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয়। মানৱ অধিকাৰ দিৱসে ন্যায্য, সমতাপূৰ্ণ আৰু দয়াশীল সমাজত পৃষ্ঠভূমি গঢ়ি তোলে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। তেওঁ কয়, যে ন্যায় প্ৰতিগৰাকী ব্যক্তিৰ জন্মস্বত্ব অধিকাৰ। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ভাৰতে মানৱ অধিকাৰৰ গোলকীয় পৰিকাঠামো গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সংবিধান সভাৰ ১৫ গৰাকী মহিলা সদস্যৰ ভিতৰত অন্যতম হংসা মেহতাই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰৰ খচৰা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দেশৰ স্বাধীনতা সংগ্রামীসকলে মানৱীয় গৰিমা, সমতা আৰু ন্যায় আধাৰিত বিশ্বৰ কল্পনা কৰিছিল। তেওঁ কয়, যে বিভিন্ন ফলপ্রসূ চৰকাৰী আঁচনি, মহিলাৰ অৰ্থনৈতিক অংশগ্ৰহণ আৰু মৰ্যাদাৰ মাধ্যমেৰে দেশ আত্মনিৰ্ভৰশীলতাৰ দিশে আৰু এঢাপ আগুৱাইছে।

১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ লগত সংগতি ৰাখি ১৯৫০ চনৰ পৰা ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।