◆ মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ খিতাপ জিনাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নির্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। দলটোৰ ধাৰাবাহিক প্ৰদৰ্শন, প্ৰতিভা আৰু একতাই বি চি চি আইৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু প্ৰচেষ্টাক সাকাৰৰূপ দিয়া বুলি বি চি চি আইৰ অধ্যক্ষ মিথুন মানহাছে মন্তব্য কৰিছে।
উল্লেখযোগ্য যে, ভাৰতে যোৱা দেওবাৰে নিশা নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি ভাৰত আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ জয় কৰিবলৈ সমৰ্থ হৈছিল।
সৰ্বভাৰতীয় ফুটবল সন্থাই ভাৰতীয় মহিলা লীগ IWL দুটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। অহা ২০ ডিচেম্বৰৰ পৰা ২০২৬ বৰ্ষৰ ৬ জানুৱাৰীলৈ প্ৰথম পৰ্যায় আৰু ২০২৬ বৰ্ষৰ ২০ এপ্ৰিলৰ পৰা ১০
মে’লৈ দ্বিতীয় পৰ্যায়ৰ খেলসমূহ খেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। সন্থাই যোৱা ৩০ অক্টোবৰত ভাৰতীয় মহিলা লীগৰ আঠোটা দলৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা বুলি সদৰি কৰিছে।