November 4, 2025 11:54 AM

views 48

মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ

◆ মহিলা বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ খিতাপ জিনাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নির্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। দলটোৰ ধাৰাবাহিক প্ৰদৰ্শন, প্ৰতিভা আৰু একতাই বি চি চি আইৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু প্ৰচেষ্টাক সাকাৰৰূপ দিয়া বুলি বি চি চি আইৰ অধ্যক্ষ মিথুন মানহাছে মন্তব্য কৰিছে। উল্লেখযোগ্য যে, ভাৰতে যোৱা দেওবাৰে নিশা নৱী মুম্বাইৰ ড০ ডি ৱ...

April 29, 2025 8:16 PM

views 25

ত্রিদেশীয় এদিনীয়া ক্রিকেট শৃংখলাত ভাৰতীয় মহিলা ক্রিকেট দলৰ হাতত দক্ষিণ আফ্ৰিকা ১৫ ৰাণত পৰাস্ত

ভাৰতীয় মহিলা ক্রিকেট দলে আজি কলম্বোত অনুষ্ঠিত ত্রিদেশীয় এদিনীয়া ক্রিকেট শৃংখলাৰ এখন খেলত দক্ষিণ আফ্ৰিকাক ১৫ ৰাণত পৰাস্ত কৰি একেৰাহে দ্বিতীয়খন খেলত জয়লাভ কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ছটা উইকেটৰ বিনিময়ত ২৭৬ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ প্রতীকা ৰাৱলে সৰ্বাধিক ৭৮ ৰাণ কৰে। অধিনায়ক হৰমনপ্রীত কৌৰে ৪১ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ৪৯ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৬১ ৰাণহে কৰিবলৈ সমৰ্থ হয়।