ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভূতপূৰ্ব ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ ১০৯ সংখ্যক জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ ১০৯ সংখ্যক জন্মবার্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা তৰ্পণ কৰে। উল্লেখযোগ্য যে ১৯১৬ চনৰ আজিৰ দিনটোতেই পাঞ্জাবৰ ফডিকোট জিলাত জন্মগ্ৰহণ কৰা গিয়ানী জেইল সিঙে ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈকে দেশৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়াইছিল।