● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আয়োজন কৰা এই অনুষ্ঠানত ১৯৪৮ চনত গ্ৰহণ কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হ’ব।
এইবেলি মানৱ অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে অত্যাৱশ্যকীয় জনসেৱা আৰু সকলোৰে বাবে মর্যাদা। মানৱ অধিকাৰ আয়োগে এই বিষয়ৰ লগত ৰজিতা খোৱাকৈ এখন সন্মিলনৰ আযোজন কৰিব। সন্মিলনত প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সচিব ড° পি কে মিশ্ৰই সকলোৰে বাবে সাৰ্বজনীন, সমতাপূৰ্ণ আৰু মর্যাদাপূর্ণ জনসেৱা সন্দৰ্ভত মূল ভাষণ দিব। সন্মিলনত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰীয় আয়োগ, চৰকাৰী বিষয়া, নাগৰিক সমাজ আৰু ভালেসংখ্যক শিক্ষাবিদ উপস্থিত থাকিব।