ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছে। নতুন দিল্লীত আজি প্ৰথম এছিয় বৌদ্ধ শীৰ্ষ সন্মিলত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ প্ৰদৰ্শকসকলৰ মাজত ভগৱান বুদ্ধৰ অন্যন্য স্থান আছে। তেওঁ কয় যে বুদ্ধ গয়াৰ বোধিবৃক্ষৰ তলত সিদ্ধার্থ গৌতমে জ্ঞান লাভ কৰাটো ইতিহাসৰ অভূতপূৰ্ব ঘটনাৰূপে বিবেচিত হৈ আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্ব সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত অস্তিত্বৰ সংকটত ভোগাৰ এই সময়ত বৌদ্ধ সম্প্ৰদায়ৰ মানৱ জাতিক যথেষ্ট দিব পাৰে। এছিয়াক শক্তিশালী কৰি তোলাত বৌদ্ধ ধৰ্মৰ ভূমিকা আৰু বৌদ্ধ ধৰ্মই এছিয়া তথা বিশ্বলৈ কেনেকৈ বাস্তৱিক শান্তি ঘূৰাই আনিব পাৰে, তাক লৈ চৰ্চা কৰাৰ আৱশ্যকতা আছে বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। শান্তি আৰু অহিংসাই বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ বুলি অভিহিত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বক কৰুণাৰ প্রয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে।
সাংস্কৃতিক মন্ত্ৰ্যালয়ে বৌদ্ধ ধৰ্মৰ সন্মানাৰ্থে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিসংঘৰ সহযোগত এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনৰ মূল বিষয়বস্তু হৈছে–এছিয়াক শক্তিশালী কৰি তোলাত বৌদ্ধ ধৰ্ম্মৰ ভূমিকা।