ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেটত জয়েৰে অভিযান আৰম্ভ

■ ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। গ্রুপ-এত নিজৰ প্ৰথমখন খেলত ভাৰতে যোৱা নিশা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ- ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত অনায়াসে জয়লাভ কৰে। ইউ এ ইৰ দলটোৱে প্ৰথমে বেট ধৰি ভাৰতৰ সন্মুখত ৫৮ ৰানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে ৪ অভাৰ আৰু ৩টা বলত এটা উইকেটৰ বিনিময়ত ৬০ ৰান কৰি জয়লাভ কৰে। অ’পেনাৰ অভিষেক শৰ্মাই ১৬টা বলত দুটা ‘চাৰি’ আৰু তিনিটা ‘ছয়’ৰে ৩০ ৰান কৰে। প্ৰাৰম্ভিক যুটীত শুভমন গীলৰ সৈতে অভিষেকে ৩ অভাৰ আৰু ৫টা বলত ৪৮ ৰান যোগ দিয়ে। শুভমনে ৯টা বলত দুটা ‘চাৰি’ আৰু এটা ‘ছয়’ৰে অপৰাজিতভাৱে ২০ ৰানৰ বৰঙণি যোগায়। ইয়াৰ পূৰ্বে ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদবে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।
ইউ এ ইৰ দলটোৱে ১৩ অভাৰ আৰু এটা বলত মাত্ৰ ৫৭ ৰানতে ইনিংছ সামৰে। দলটোৰ হৈ কেৱল আলিশান শ্বাৰাফুৱে ২২ ৰান আৰু মহম্মদ ৱাছীমে ১৯ ৰানৰ দুটা অংকৰ স্ক’ৰত উপনীত হয়। ভাৰতৰ কুলদীপ যাদৱে ৭ ৰানত চাৰিটা আৰু শিৱম ডুবেই ৪ ৰানত তিনিটা উইকেট দখল কৰে। প্রতিযোগিতাত ১৪ ছেপ্টেম্বৰত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।