September 26, 2025 1:08 PM

views 36

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত বাংলাদেশক ১১ ৰানত হৰুৱাই পাকিস্তান ফাইনেলত প্ৰৱেশ

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। এই জয়ৰ সুবাদত অহা দেওবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তান ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, সপ্তদশবাৰৰ বাবে অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তান ফাইনেলত মুখামুখি হ'ব। কালি পাকিস্তানে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৩৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ মহম্মদ হেৰিছে ৩১ আ...

September 20, 2025 1:00 PM

views 37

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত ওমান ২১ ৰাণত পৰাজিত

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ- এৰ অন্তিমখন খেলত ভাৰতে ওমানক ২১ ৰানত পৰাজিত কৰে। ওমানে ১৮৯ ৰানৰ বিজয় লক্ষ্যৰে খেলা আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৬৭ ৰান কৰে। হার্ডিক পাণ্ডিয়া, অর্শ্বদ্বীপ সিং, হৰ্ষিত ৰাণা আৰু কুলদীপ যাদৱে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৮ উইকেটৰ বিনিময়ত ১৮৮ ৰান কৰে। দলৰ হৈ সঞ্জু ছেমছনে ৫৬ আৰু অভিষেক শৰ্মাই ৩৮ ৰানৰ বৰঙণি আগবঢ়ায়। সঞ্জু ছেমছনক প্লেয়াৰ অ...

September 19, 2025 9:10 PM

views 30

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। যোৱা নিশা আবুধাবিত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত শ্রীলংকাই আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰি ছুপাৰ ফ'ৰ পৰ্যায়ত প্ৰৱেশ কৰে। এই জয়ৰ সুবাদত শ্ৰীলংকাৰ গ্ৰুপ বিৰ পইণ্ট তালিকাত শীর্ষ স্থান দখল কৰে। গ্ৰুপটোত অন্তর্ভুক্ত বাংলাদেশেও তিনিখন খেলৰ দুখনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পৰৱৰ্তী পৰ্যায়ৰ স্থান নিশ্চিত কৰিছে।

September 16, 2025 6:29 PM

views 31

এছিয়া কাপ ক্রিকেটত নিশা ৮ বজাত বাংলাদেশ আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা ৮ বজাত আবু ধাবিত হ'বলগীয়া এখন খেলত বাংলাদেশ, আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত শ্রীলংকাই হংকঙক ৪ উইকেটত পৰাস্ত কৰে। হংকঙৰ ১৫০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ১৫৩ ৰানেৰে বিজয় সাব্যস্ত কৰে। শ্ৰীলংকাৰ হৈ পাথুম নিছাংকাই ৬৮ ৰান কৰি প্লেয়াৰ অৱ মেচ সন্মান লাভ কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আবু ধাবিৰ জায়েদ ক্রিকেট ষ্টেডিয়ামত যোৱা...

September 16, 2025 1:02 PM

views 20

এছিয়া কাপৰ গ্ৰুপ-বিৰ এখন খেলত শ্রীলংকাৰ হাতত হংকঙ ৪ উইকেটত পৰাস্ত

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত এছিয়া কাপৰ গ্ৰুপ-বিৰ এখন খেলত শ্রীলংকাই হংকঙক ৪ উইকেটত পৰাস্ত কৰে। হংকঙৰ ১৫০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ১৫৩ ৰানেৰে বিজয় সাব্যস্ত কৰে। শ্ৰীলংকাৰ হৈ পাথুম নিছাংকাই ৬৮ ৰান কৰি প্লেয়াৰ অৱ মেচ সন্মান লাভ কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আবু ধাবিৰ জায়েদ ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্রুপ-এৰ আন এখন খেলত আৰৱ আমিৰি ৰাষ্ট্ৰই ওমানক ৪২ ৰানত পৰাজিত কৰে। প্ৰথমে বেটিং কৰি ইউ এ ইয়ে নি...

September 13, 2025 12:00 PM

views 33

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত দেওবাৰে ভাৰত পাকিস্তানৰ মুখামুখি হ’ব

● এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এৰ এখন খেলত পাকিস্তানে অমানক ৯৩ ৰানত পৰাস্ত কৰি জয়েৰে নিজৰ অভিযান আৰম্ভ কৰে। পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৬০ ৰানৰ প্ৰত্যুত্তৰত অমানে ১৬ অ’ভাৰ আৰু চাৰিটা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৬৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ হামিদ মিৰ্জাই সৰ্বাধিক ২৭ ৰানৰ বৰঙণি আগবঢ়ায়। পাকিস্তানৰ ফাহিম আছৰাফ মুকিম আৰু আয়ুবে দুটাকৈ আৰু আফ্ৰিডি, আবৰাৰ আহমেদ আৰু নাৱাজে এটাকৈ উইকেট দখল ...

September 12, 2025 12:36 PM

views 27

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত বাংলাদেশৰ হাতত হংকঙ ৭ উইকেটত পৰাস্ত

বাংলাদেশে যোৱা নিশা আবু ধাবিত অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত হংকঙক ৭ উইকেটত পৰাস্ত কৰি ইতিহাস ৰছনা কৰে। টি-টুৱেণ্টি প্ৰতিযোগিতাৰ ইতিহাসত হংকঙৰ বিৰুদ্ধে এয়া বাংলাদেশৰ প্ৰথম জয়। দলটোৱে ১৪৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ ৪টা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বাংলাদেশৰ হৈ অধিনায়ক লিটন দাসে ৩৯টা বলত ৫৯ ৰান কৰে। ইয়াৰ আগেয়ে হংকঙে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৪৩ ৰান সংগ্ৰহ কৰে। হংকঙৰ হৈ নিজাকট খা...

September 11, 2025 12:37 PM

views 60

ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেটত জয়েৰে অভিযান আৰম্ভ

■ ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। গ্রুপ-এত নিজৰ প্ৰথমখন খেলত ভাৰতে যোৱা নিশা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ- ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত অনায়াসে জয়লাভ কৰে। ইউ এ ইৰ দলটোৱে প্ৰথমে বেট ধৰি ভাৰতৰ সন্মুখত ৫৮ ৰানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে ৪ অভাৰ আৰু ৩টা বলত এটা উইকেটৰ বিনিময়ত ৬০ ৰান কৰি জয়লাভ কৰে। অ'পেনাৰ অভিষেক শৰ্মাই ১৬টা বলত দুটা 'চাৰি' আৰু তিনিটা 'ছয়'ৰে ৩০ ৰান কৰে। প্ৰাৰম্ভিক যুটীত শুভমন গীলৰ সৈতে অভিষেকে ৩ অভাৰ আৰু ৫টা বলত ৪৮ ৰান ...

September 5, 2025 11:41 AM

views 25

এছিয়া কাপ হকী প্রতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত ভাৰতৰ হাতত মালয়েছিয়া ৪-১ গলত পৰাস্ত

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে কালি মালয়েছিয়াক ৪-১ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ মনপ্রীত সিং, সুখজিৎ সিং, ছিলানন্দ লাকৰা আৰু বিবেক সাগৰ প্ৰসাদে এটাকৈ গল দিয়ে। এই জয়ৰ সুবাদত ভাৰতে ৪ পইণ্টৰে ছুপাৰ ফ'ৰ গ্ৰুপত শীৰ্ষ স্থান লাভ কৰিছে। ভাৰত ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ পৰৱৰ্তী খেলত কাইলৈ চীনৰ সন্মুখীন হ'ব।

September 1, 2025 11:39 AM

views 22

এছিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে ছুপাৰ – ফ’ৰ পৰ্যায়ত প্ৰৱেশ

■ বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাত জাপানক ৩-২ গলত পৰাস্ত কৰি ভাৰতে ছুপাৰ - ফ'ৰ পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ হৈ মনদীপ সিঙে খেলখনৰ ৩ মিনিটতে প্ৰথমটো গ’ল দিয়ে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্রীত সিঙে অনবদ্য প্রদর্শন অব্যাহত ৰাখি দুটাকৈ গ'ল দিয়ে। ভাৰতীয় দলৰ গল ৰক্ষক কৃষ্ণা বাহাদুৰ পাঠকে প্রতিপক্ষ কেইবাটাও গ’ল প্ৰতিহত কৰি প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়ায়। জাপানৰ হৈ কোচেই কাৱাবেয়ে দুটা গ'ল দিয়ে। ভাৰতে আজি ৰাজগীৰৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া ষ্টেডিয়ামত কাজাখাস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খে...