ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি ৰাষ্ট্ৰপতি মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি নতুন দিল্লীত অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদ ই ই পি চিৰ মহাৰ্জত জয়ন্তী উদযাপন অনুষ্ঠানত দিয়া ভাষণত এনেদৰে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় অর্থনীতি আত্মনিৰ্ভৰ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ৰপ্তানিৰ ক্ষেত্ৰত উন্নয়ন সাধনৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয়, যে দেশত উপলব্ধ অনন্য প্রতিভা তথা সামৰ্থসমূহৰ উপযুক্ত প্রয়োগেৰে বিশ্বৰ বাণিজ্য ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰিব লাগিব। ৰাষ্ট্ৰপতিগৰাকীয়ে অভিযান্ত্রিক ৰপ্তানি বিকাশ পৰিষদৰ সকলো অংশীদাৰক ভাৰতক অন্যতম উদ্ভাৱন অৰ্থনীতিৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো ধৰণৰ প্ৰচেষ্টা হাতত ল’বলৈ আহ্বান জনায়।