● অপাৰেশ্বন সিন্দূৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা ভাৰতৰ নীতিৰ প্ৰচাৰৰ বাবে ৭ টা সৰ্বদলীয় প্রতিনিধি দলৰ বিদেশ ভ্রমণ অব্যাহত আছে। প্রতিনিধি দলসমূহে বিভিন্ন দেশৰ নেতাক সাক্ষাৎ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে অৱগত কৰে। কংগ্ৰেছ সাংসদ শশী ঠাৰুৰে নেতৃত্ব দিয়া প্রতিনিধি দলটো আজি ব্রাজিলৰ ৰাজধানী ব্ৰাচিলিয়াত উপস্থিত হয়। দলটোক বিমান বন্দৰত ভাৰতীয় কূটনীতিক সন্দিপ কুমাৰ কুজুৰে আদৰণি জনায়। শ্ৰীঠাৰুৰে কয়, যে তেওঁলোকে ব্রাজিলৰ সৈতে গঠনমূলক আলোচনাৰ বাবে আগ্রহী।
এই ভ্ৰমণকালত প্রতিনিধি দলটোৱে ব্রাজিলৰ জ্যেষ্ঠ নেতা, সাংসদৰ লগতে ৰাষ্ট্ৰপতিৰ মুখ্য উপদেষ্টা চেলছ এমোৰিম, বিদেশ মন্ত্ৰালয়ৰ সচিব প্ৰধান মাৰিয়া লৌৰা ডা ৰোছাক সাক্ষাৎ কৰিব।
শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্ধে নেতৃত্বৰ প্ৰতিনিধি দলটো সম্প্রতি লাইবেৰিয়াত আছে। এই ৩ দিনীয়া ভ্ৰমণকালত দলটোৱে লাইবেৰিয়াৰ মনৰ’ভিয়াত দেশখনৰ ৰাষ্ট্ৰপতি, নিম্ন সদন, হাউচ অব ৰিপ্ৰেজেনটেটিভ অধ্যক্ষ, উচ্চ সদন চিনেটৰ সভাপতি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ লগতে সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰিব। শ্রীসিন্ধে সংবাদ মাধ্যমক জনাই যে, ভাৰত আৰু লাইবেৰিয়াৰ মাজত অত্যন্ত ভাল দ্বিপাক্ষিক সম্পর্ক আছে। তেওঁ লাইবেৰিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাত আস্থা প্ৰকাশ কৰিব বুলি আশা প্রকাশ কৰে।
জে দি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাই নেতৃত্ব দিয়া সর্বদলীয় প্রতিনিধি দলটো আজি ইন্দোনেছিয়াৰ সফল ভ্ৰমণ সামৰি মালয়েছিয়াৰ কুৱালালামপুৰত উপস্থিত হয়। প্রতিনিধি দলটোৱে কুৱালালামপুৰত মালয়েছিয়াৰ মন্ত্ৰীবৰ্গ, সাংসদসকলৰ উপৰি চিন্তাবিদ, শিক্ষাব্রতী আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিক সাক্ষাৎ কৰিব। তেওঁলোকে দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলকো ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে অৱগত কৰাব প্রতিনিধি দলটোৱে ব্রিকফিল্ডছত থকা নেতাজী সুভাস চন্দ্ৰ বসু ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰলৈ গৈ নেতাজীৰ প্ৰতি শ্রদ্ধাঞ্জলি নিবেদন কৰে। তেওঁলোকে নেতাজীৰ নেতৃত্বৰ ইণ্ডিয়ান নেচনেল আৰ্মীৰ বালক সেনাৰ যোদ্ধা এছ পি নাৰায়ণস্বামীকো সাক্ষাৎ কৰে। দলটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতিক সমর্থন জনোৱা শ্ৰীনাৰায়ণস্বামীক কৃতজ্ঞতা জনায়।
আলজেৰিয়াত বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বৰ সৰ্বদলীয় প্রতিনিধি দলটোৱে দেশখনৰ সংবাদ মাধ্যম, চিন্তাবিদ, ভাৰতীয় মূলৰ লোক আৰু আলজেৰিয়াত থকা ভাৰতৰ বন্ধু ভাৱাপন্ন লোকসকলক বিশ্বজুৰি বাঢ়ি অহা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সজাগ কৰাৰ চেষ্টা কৰে। দেশখনৰ বিদেশ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ, নেচনেল কমিউনিটি এব্ৰড আৰু আফ্ৰিকান এফেয়াৰ্ছ অৱ আলজেৰিয়াৰ প্ৰতিনিধিসকলো উপস্থিত থাকে। এই মত বিনিময়ৰ পিছতে পেহেলগামৰ নৃশংস সন্ত্ৰসাবাদীৰ আক্ৰমনত মৃত্যু হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্রার্থনা কৰা হয় ৷
বিজেপি সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বত এটা সৰ্বদলীয় প্রতিনিধি দল সম্প্রতি ব্ৰিটেইনৰ লণ্ডনত আছে। দলটো ৩ জুনলৈকে ব্ৰিটেইনত থাকিব। এই ভ্ৰমণকালত দলটোৱে হাউচ অৱ কমনছৰ অধ্যক্ষ লিণ্ডছে হ’য়লে’, সংসদৰ উভয় সদনৰ সদস্যসকল, সংবাদ মাধ্যমৰ লোক, চিন্তাবিদ আৰু প্ৰৱাসী ভাৰতীয় প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰিব।
ডি এম কে সাংসদ কে কানিমোঝিৰ নেতৃত্বত যোৱা এটা সৰ্বদলীয় দল স্পেইনৰ ৰাজধানী মাদ্রিদত উপস্থিত হৈছে। দুদিনীয়া ভ্ৰমণকালত প্রতিনিধি দলটোৱে স্পেইন চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে প্ৰৱাসী ভাৰতীয় আৰু অসামৰিক ক্ষেত্ৰৰ প্ৰতিনিধিসকলক ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ বিষয়ে অৱগত কৰিব ।
এন চি পি শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্রিয়া সুলেৰ নেতৃত্বৰ প্ৰতিনিধি দলটোৱে সম্প্ৰতি ইথিওপিয়া ভ্রমণ কৰিছে। তাত তেওঁলোকে দেশখনৰ শীৰ্ষ আইনজীৱী, কূটনীতিবিদ আৰু আফ্ৰিকান ইউনিয়ন কমিচনৰ প্রতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। এই বৈঠকত প্রতিনিধি দলটোৱে সীমান্তৰ সিপাৰৰ পৰা ভাৰতত চলি থকা সন্ত্রাসবাদৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁলোকে অপাৰেচন সিন্দূৰৰ বিভিন্ন দিশতো আলোকপাত কৰে। ইথিওপিয়াই তেওঁলোকৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা নিজা শূন্য সহনশীলতা নীতিৰ বিষয়ে কয় আৰু পেহেলগামৰ আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে। প্রতিনিধি দলটোৱে ইথিওপিয়াত থকা ভাৰতীয় লোকসকলৰ সৈতেও মত-বিনিময় কৰে।
Site Admin | June 1, 2025 3:16 PM | Akashvani News | Congress | operation sindoor | Pahalgam attack | Shashi Tharoor
ব্রাজিলৰ ৰাজধানী ব্ৰাচিলিয়াত উপস্থিত কংগ্ৰেছ সাংসদ শশী ঠাৰুৰ নেতৃত্বৰ প্রতিনিধি দল
