June 1, 2025 3:16 PM

views 34

ব্রাজিলৰ ৰাজধানী ব্ৰাচিলিয়াত উপস্থিত কংগ্ৰেছ সাংসদ শশী ঠাৰুৰ নেতৃত্বৰ প্রতিনিধি দল

● অপাৰেশ্বন সিন্দূৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা ভাৰতৰ নীতিৰ প্ৰচাৰৰ বাবে ৭ টা সৰ্বদলীয় প্রতিনিধি দলৰ বিদেশ ভ্রমণ অব্যাহত আছে। প্রতিনিধি দলসমূহে বিভিন্ন দেশৰ নেতাক সাক্ষাৎ‍ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে অৱগত কৰে। কংগ্ৰেছ সাংসদ শশী ঠাৰুৰে নেতৃত্ব দিয়া প্রতিনিধি দলটো আজি ব্রাজিলৰ ৰাজধানী ব্ৰাচিলিয়াত উপস্থিত হয়। দলটোক বিমান বন্দৰত ভাৰতীয় কূটনীতিক সন্দিপ কুমাৰ কুজুৰে আদৰণি জনায়। শ্ৰীঠাৰুৰে কয়, যে তেওঁলোকে ব্রাজিলৰ সৈতে গঠনমূলক আলোচনাৰ বাবে আগ্রহী। এই ভ্ৰমণকালত প...

May 27, 2025 4:29 PM

views 37

কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ প্ৰতিনিধি দলৰ দক্ষিণ আমেৰিকাৰ দেশ গায়ানা ভ্রমণ সমাপ্ত

ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই উদ্দেশ্যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্ৰমণ কৰিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তা অৱগত কৰিছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ প্ৰতিনিধি দলে দক্ষিণ আমেৰিকাৰ দেশ গায়ানা ভ্রমণ সমাপ্ত কৰিছে। সংবাদ মাধ্যমক শ্ৰী থাৰুৰে কয়, যে গায়ানাই সন্ত্রাসবাদী আক্ৰমণৰ পৰা ভাৰতে নিজকে ৰক্ষা কৰাৰ অধিকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। তেওঁ কয়, যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৰ...

March 19, 2025 5:53 PM

views 38

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিলঃ শশী থাৰুৰ

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিল বুলি কংগ্ৰেছ নেতা শশী থাৰুৰে স্বীকাৰ কৰিছে। নতুন দিল্লীত আয়োজিত ৰায়ছিনা আলোচনাত অংশগ্ৰহণ কৰি শ্ৰী থাৰুৰে কালি কয়, যে ২০২২ চনত ভাৰতৰ নিৰপেক্ষ স্থিতিৰ সমালোচনা কৰাৰ বাবে তেওঁ আজিও অনুতপ্ত। সেই সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে ৰাছিয়াই ইউক্রেইনৰ ওপৰত কৰা আক্ৰমণৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বিৰোধিতা কৰিছিল আৰু এই আক্রমণক গৰিহণা দিবলৈ আহ্বান জনাইছিল।