ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন হয়। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কুৱেৰৰ পৰা ভাৰতীয় সময় অনুসৰি আজি দিনৰ ১.৩০ বজাত আৰম্ভ হোৱা শেষযাত্ৰাত ২ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। শেষকৃত্য কাৰ্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’, ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দ্যা ছিলভা, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই উপস্থিত থাকে।
উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত মৃত্যু হোৱা পোপ ফ্ৰান্সিছৰ শেষকৃত্য কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে কালি ভেটিকান চিটীত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ান আৰু গোৱা বিধানসভাৰ উপাধ্যক্ষ জোধুৱা ডি ছুজাও ভেটিকান চিটিলৈ গৈছে।
কৰে। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে ২২ এপ্ৰিলৰ পৰা আজিলৈকে ৩ দিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰে৷