ডাউনলোড
মোবাইল এপ

android apple
signal

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত

■ আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত কালি ইউ পি পি এল দলৰ এখন সংকল্প সভা অনুষ্ঠিত হয়। বিটিচিৰ খৈৰাবাৰী, ভেৰগাঁও, নোনাই ছেৰফাং, খালিংদুৱাৰ আৰু মুদৈবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীকেইগৰাকীৰ সমৰ্থনত চলোৱা এই প্ৰচাৰ সভাত দলৰ সভাপতি প্রমোদ বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ বি টি আৰৰ ২৬ টা জনগোষ্ঠীৰ জনসাধাৰণৰ শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ স্বাৰ্থত বি টি চিত পুনৰ ইউ পি পি এল দলক চৰকাৰ গঠনৰ সুযোগ দিয়াৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায়।
বাক্সা জিলাত প্ৰতিটো ৰাজনৈতিক দলে ভোটদাতাৰ মন জয় কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ৰাইজৰ দলে প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কালি থমনাত দলটোৱে দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী কার্যালয় মুকলি কৰে। অন্যান্য দলসমূহেও জিলাখনত প্ৰচাৰ চলাই আছে। জিলাখনৰ শালবাৰী পৰিষদীয় সমষ্টিৰ উত্তৰ ভকুৱামাৰীত কালি সন্ধিয়া বি পি এফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়। এই সভাত বিজেপি আৰু ইউ পি পি এল দলৰ শতাধিক কৰ্মীয়ে বি পি এফত যোগ দিয়ে।
চিৰাং জিলাৰ বাসুগাঁৱৰ শাকাতি গাঁৱৰ ৰাজহুৱা খেল-পথাৰত কালি চিৰাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ মন্ত্ৰী কৌশিক ৰায় আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।
তামুলপুৰ জিলাৰ নাগ্ৰীজুলি সমষ্টিৰ কুম্ভিৰজাৰত কালি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ বি টি আৰৰ জনসাধাৰণৰ সম উন্নয়নৰ বাবে বিজেপি প্রার্থীগৰাকীক জয়ী কৰিবলৈ আহ্বান জনায়। এই সভাত বহু লোকে বিজেপিত যোগ দিয়ে।
তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত বি টি চি নিৰ্বাচনৰ ব্যয় সন্দৰ্ভত কালি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নির্বাচনী পর্যবেক্ষকদ্বয় – অতুল কুমাৰ শৰ্মা, ক্ষিতিশ চন্দ্ৰ পেগু আৰু অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় নীতি-নিয়মসমূহ ব্যাখ্যা কৰে। জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত কালি এই নিৰ্বাচনৰ বাবে বেলট বক্স ৰেণ্ডমাইজেচন সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে জিলাখনৰ পাঁচটা পৰিষদীয় সমষ্টিৰ ৩৯৫ টা ভোটগ্রহণ কেন্দ্ৰত কিমান বেলট বক্স বিতৰণ কৰা হৈছে সেই বিষয়ে প্ৰকাশ কৰে ।
ৰাজ্যিক নির্বাচন আয়োগে বি টি চি নিৰ্বাচনৰ বাবে ওজৰ-আপত্তি নিষ্পত্তি প’ৰ্টেল মুকলি কৰিছে। জনসাধাৰণে আদর্শ নির্বাচনী আচৰণ বিধি উলংঘাৰ বিষয়ে ফটো অথবা ভিডিঅ’ প্ৰমাণসহ এই প’ৰ্টেলযোগে অৱগত কৰিব পাৰিব আৰু অভিযোগৰ স্থিতি সন্দৰ্ভত জানিব পাৰিব।