ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিটিচি নিৰ্বাচনঃ ওদালগুৰিত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্রতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খালিংদুৱাৰ সমষ্টিত দলীয় প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ সমৰ্থনত পলাহগড়ত প্ৰচাৰ চলায়। তেওঁ আজি ৰাজগড়ত নোনাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰণজিৎ তাঁতিৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত ড০ শৰ্মাই কয়, যে বিটিচিলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ১৫ শ কোটিকৈ টকা আগবঢ়ায় যদিও অঞ্চলটো তুলনামূলকভাৱে এতিয়াও পিছ পৰি আছে।

মুখ্যমন্ত্ৰীয়ে আজি তামুলপুৰ জিলাৰ শুকলাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী লক্ষী দাসৰ হৈ নির্বাচনী প্ৰচাৰ চলায়। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা তথা দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, মহিলা উদ্যমিতা আঁচনিকে ধৰি কেইবাটাও জনকল্যাণসমূলক আঁচনিৰ সুবিধা জনসাধাৰণক দিয়াৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰে।

মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি মঠনগুৰি পৰিষদীয় সমষ্টিত অনুষ্ঠিত এখন সভাত অংশ লৈ দলীয় প্রার্থী গৌতম দাসৰ হৈ প্ৰচাৰ চলায়। বিৰোধী দল কংগ্ৰেছ, বি পি এফ আৰু ৰাইজৰ দলেও বিটিআৰৰ বিভিন্ন স্থানত নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি ৩৫ নম্বৰ মুদৈবৰি পৰিষদীয় সমষ্টিত প্ৰচাৰ চলায়। দলটোৱে আজি এই নিৰ্বাচনৰ বাবে ইস্তাহাৰো মুকলি কৰে। চিৰাং জিলাৰ ভূটীয়াপাৰাত আজি অনুষ্ঠিত ইউ পি পি এলৰ এখন নির্বাচনী সভাত দলৰ প্ৰাৰ্থী ছাইখং বসুমতাৰীয়ে প্ৰচাৰ চলায়।

ইপিনে, এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে জিলা প্ৰশাসনসমূহে প্রস্তুতি অব্যাহত ৰাখিছে । তামুলপুৰ জিলাৰ বৰনগৰৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি নিৰ্বাচনত নিয়োজিত পোলিং আৰু প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। তেওঁলোকক বেলট বক্সৰ ব্যৱহাৰকে ধৰি বিভিন্ন বিষয়সমূহ অৱগত কৰোৱা হয়। এই নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক্লাই চেৰফাং সমষ্টিত নিৰ্বাচনী পর্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ শৰ্মাই আজি সমষ্টিকেইটাৰ অন্তৰ্গত ভোটগ্রহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। তেওঁ এই কেন্দ্ৰকেইটাত থাকিবলগীয়া ব্যৱস্থাসমূহৰ বুজ লয়। উল্লেখযোগ্য যে ২২ ছেপ্তেম্বৰত জিলাখনৰ পাঁচটা পৰিষদীয়া সমষ্টিত ৩৯৫ টা ভোটগ্রহণ কেন্দ্ৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব।