বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দুর্গোৎসৱ হৈছে, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ প্ৰতীক। এই উৎসৱে মানুহক সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা ৰাৱণ দাহন আৰু দুর্গা পূজাই জাতীয় মূল্যবোধৰ প্ৰতিফলন ঘটায় বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ন্যায়, সমতা আৰু সমন্বয়ৰ ধাৰণাৰে দেশবাসীক একেলগে উন্নতিৰ দিশে অগ্ৰসৰ হবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।