বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে

অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত তুলনামূলকভাৱে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ হ্ৰাস পাইছে। কিন্তু লক্ষণীয়ভাৱে বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে। সদনত দাখিল কৰা তথ্যমতে ২০১৮ চনত দেশৰ প্ৰতি ১০ হাজাৰ গাড়ীৰ বিপৰীতে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ আছিল ৫.৮ শতাংশ। ২০২২ চনত এই হাৰ ৪.৩ শতাংশলৈ হ্ৰাস পায়। একেদৰে প্ৰতি ১০ হাজাৰ কিলোমিটাৰ পথত ২০১৮ চনত গড় হিচাপে ২৫৪ জন লোকৰ মৃত্যু হৈছিল। কিন্তু ২০২২ চনত এই হাৰ ২৫০ লৈ হ্ৰাস পায়। আনহাতে অসম সন্দৰ্ভত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি ২০২০ চনত ৰাজ্যত ২ হাজাৰ ৬২৯ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ২০২৪ চনত এই সংখ্যা ৩ হাজাৰ ৩৫১ লৈ বৃদ্ধি পায়। একেদৰে ২০২১ চনত ৩ হাজাৰ ৩৬ জন, ২০২২ জন ২ হাজাৰ ৯৯৪ জন আৰু ২০২৩ চনত ৩ হাজাৰ ২৯৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে দেশৰ মুঠ এক লাখ ৭৮ হাজাৰ ২৯৩ কিলোমিটাৰ পথত সমীক্ষা চলাই লাভ কৰা দুৰ্ঘটনাপ্ৰৱণ ১২ হাজাৰ ২৮৯টা স্থানৰ স্বল্পম্যাদী সংস্কাৰ কৰা হৈছে। একেদৰে ৫ হাজাৰ ৭৭৩টা দুৰ্ঘটনাপ্ৰৱণ এলেকাৰ দীৰ্ঘম্যাদী সংস্কাৰ কৰা হৈছে। অসমত ৯৫টা এনে দুর্ঘটনাপ্ৰৱণ এলেকা চিনাক্ত কৰা হৈছে।