ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পৰ্টুগাল ভ্ৰমণ সামৰি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত ৰাষ্ট্ৰপতি মৰ্মু

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু তেওঁৰ পৰ্টুগাল ভ্ৰমণ সামৰি আজি নিচেই পুৱাতে শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিছলাভাত উপস্থিত হৈছে। শ্ৰীমতী মুৰ্মুৱে আজি আৰু কাইলৈ দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্রধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি তেওঁৰ পৰ্টুগাল ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড়’ এগুয়াৰ ব্ৰাংকোৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বিগত ২৭ বছৰত এয়া আছিল ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো পৰ্টুগাল ভ্রমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পশ্চিমৰ সচিব তন্ময় লালে সাংবাদিকৰ আগত কয়, যে ৰাষ্ট্ৰপতি মুৰ্মুৱে এই ভ্ৰমণকালত পৰ্টুগালৰ প্ৰধানমন্ত্রী লুই মণ্টেনেগ্ৰ’ৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভালেমান দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত বিশদভাৱে আলোচনা কৰে। তেওঁলোকে বিভিন্ন খণ্ডত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্রী মণ্টেনেগ্ৰ’ৰ সৈতে এই উচ্চ পৰ্যায়ৰ বৈঠকৰ উপৰি শ্ৰীমতী মুৰ্মুৱে বিভিন্ন ক্ষেত্ৰৰ দ্বিপাক্ষিক আলোচনাতো মিলিত হয়।