নাগপুৰৰ বিদর্ভা ক্রিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাত ভাৰতে ১-০ত অগ্রগতি লাভ কৰে। খেলখনত নিউজিলেণ্ডে নির্ধাৰিত বিশ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৯০ ৰান সংগ্ৰহ কৰে। ভাৰতে বিপক্ষ দলটোক ২৩৯ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল।
আলহী দলটোৰ হৈ গ্লেন ফিলিপছে ৪০টা বলত ৭৮ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰে৷ আয়োজক দলৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু শিৱম ডুবেই এটাকৈ উইকেট দখল কৰাৰ বিপৰীতে আৰ্ছদীপ সিং, হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আলহী দলটোৱে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। প্রথমে বেটিং কৰি ভাৰতৰ হৈ অপেনাৰ তথা প্লেয়াৰ অব দা মেচ সন্মান লাভ কৰা অভিষেক শৰ্মাই ৮৪ৰাণৰ বৰঙণি আগবঢ়ায়। আলহী দলটোৰ হৈ জেকব ডাফী আৰু কাইল জেমিছনে দুটাকৈ উইকেট দখল কৰে। ক্ৰিষ্টিয়ান ক্লার্ক, ইছ ছ’ধি আৰু মিচেল ছাণ্টনাৰে এটাকৈ উইকেট দখল কৰে। শৃংখলাৰ দ্বিতীয়খন মেচ কাইলৈ ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা৷