January 22, 2026 11:24 AM

views 38

পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত

নাগপুৰৰ বিদর্ভা ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাত ভাৰতে ১-০ত অগ্রগতি লাভ কৰে। খেলখনত নিউজিলেণ্ডে নির্ধাৰিত বিশ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৯০ ৰান সংগ্ৰহ কৰে। ভাৰতে বিপক্ষ দলটোক ২৩৯ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। আলহী দলটোৰ হৈ গ্লেন ফিলিপছে ৪০টা বলত ৭৮ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক'ৰ কৰে৷ আয়োজক দলৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু শিৱম ডুবেই এটাকৈ উইকেট দখল কৰাৰ বিপ...

January 13, 2026 8:23 PM

views 34

কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত কাইলৈ অনুষ্ঠিত হ'ব। খেলখন দিনৰ ডেৰ বজাত আৰম্ভ হ'ব। ভাৰত দেওবাৰে বডোডৰাত অনুষ্ঠিত প্ৰথমখন খেলত ৪ উইকেটত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অহা দেওবাৰে ইন্দোৰত অনুষ্ঠিত হ'ব।

May 29, 2025 9:30 PM

views 27

দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছ

নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছ আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক আদৰণি জনায় সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰনধীৰ জয়ছোৱালে কয়, যে নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ সম্পৰ্কৰ্ক প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয়, যে এই ভ্রমণে দুয়োখন দেশৰ আন্তৰিক আৰু বন্ধুত্বপূর্ণ সম্পৰ্কক অধিক শক্তিশালী কৰিব। এই ভ্ৰমণকালত উপ-প্রধানমন্ত্ৰী শ্ৰী পিটাৰ্...

March 18, 2025 12:50 PM

views 15

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ক ৫ খন চুক্তি স্বাক্ষৰিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সনে কালি নতুন দিল্লীৰ ৰকবগঞ্জৰ গুৰুদ্ধাৰত প্ৰাৰ্থনা কৰে। ইয়াৰ আগেয়ে কালি উভয় দেশৰ মাজত প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ক ৫ খন চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশে অর্থনৈতিক ব্যৱস্থাৰ পাৰস্পৰিক গ্রহণযোগ্যতাৰ চুক্তিও স্বাক্ষৰ কৰে। দুয়ো পক্ষই মুক্ত বাণিজ্য চুক্তি আলোচনা আৰু পেচাদাৰী তথা দক্ষ শ্রমিকৰ গতিশীলতাৰ বাবে সহজলভ্য ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ লগতে দুয়োখ...