ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ কৰিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত যোৱা ৩ আগষ্টত জাৰি কৰা অধিসূচনাৰ প্ৰত্যাহ্বান জনাই জাৰি কৰা কেইবাখনো লেখ আবেদন সন্দৰ্ভত ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে ১৭ ডিচেম্বৰত এই নিৰ্দেশ জাৰি কৰে। আবেদনকাৰী সকলে কোনো এটা অঞ্চলত বৃহৎ জনসংখ্যা একেখন পঞ্চায়তৰ অধীনত অন্তৰ্ভুক্ত কৰাকে ধৰি কেইবাটাও সংশোধিত বিধিৰ বৈধতাৰ প্ৰত্যাহ্বান জনাইছিল। আদালতে এই গোচৰটোৰ পৰৱৰ্তী শুনানীৰ দিন অহা ৯ জানুৱাৰী ধাৰ্য কৰে আৰু তেতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগক নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।