April 10, 2025 12:02 PM

views 30

পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন; ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। কাইলৈ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সামৰণি পৰিব। জিলা প্রশাসনসমূহে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। কামৰূপ নির্বাচনী জিলাই ৩৮ গৰাকী আৰু ৰঙিয়া সমজিলাই ৪ গৰাকী প্রিজাইডিং বিষয়া নিয়োগ কৰিছে। জিলা পৰিষদৰ সদস্যৰ মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ বাবে ইতিমধ্যে অতিৰিক্ত আয়ুক্ত, সমজিলা আয়ুক্ত, আঞ্চলিক পঞ্চায়তৰ বাবে সহকাৰী জিলা আয়ুক্ত আৰু পঞ্চায়ত সমষ্টিৰ...

April 7, 2025 11:29 AM

views 32

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষৰ নির্বাচনী তৎপৰতা বৃদ্ধি

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধী উভয়পক্ষই নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। অহা ২ আৰু ৭ মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰৰ কাষ চপাৰ বাবে পৰিকল্পনা যুগুত কৰিছে। বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই জনসাধাৰণক ই-মেইল, হোৱাটছএপ অথবা লিখিতভাৱে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ পোনপটীয়াকৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। জনসাধাৰণে panchayatsankalpatra@gmail.com অথবা ৯১০১৬-৬৪৫৯৩ নম্বৰত হোৱাটছএপ যোগে তেওঁলোক...

January 1, 2025 3:57 PM

views 106

২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰাৰ বাবে ৱেবছাইট মুকলি

ৰাজ্যিক নির্বাচন আয়োগে ২০২৪-২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাত ভোটদাতাসকলে নিজৰ নাম পৰীক্ষা কৰাৰ বাবে এটা ৱেবছাইট মুকলি কৰিছে। ermssec.assam.gov.in ৱেবছাইটত গৈ ভোটদাতাসকলে ভোটাৰ তালিকা ডাউনলোড কৰি অথবা ভোটাৰ কাৰ্ডৰ নম্বৰৰ জৰিয়তে নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদ, গাঁও পঞ্চায়ত অথবা খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়লৈ গৈও ভোটদাতাসকলে তালিকাত তেওঁলোকৰ নাম পৰীক্ষা কৰিব পাৰিব। বয়সৰ হিচাপত আজিৰ ভিতৰত ভোট দিয়াৰ বাবে যোগ্য বিবেচিত যুৱক-যুৱতীসকলেও এই ৱেবছাইটৰ জৰিয়তে ...

December 19, 2024 7:18 PM

views 24

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত ৯ জানুৱাৰীলৈকে নিষেধাজ্ঞা আৰোপ কৰিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত যোৱা ৩ আগষ্টত জাৰি কৰা অধিসূচনাৰ প্ৰত্যাহ্বান জনাই জাৰি কৰা কেইবাখনো লেখ আবেদন সন্দৰ্ভত ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে ১৭ ডিচেম্বৰত এই নিৰ্দেশ জাৰি কৰে। আবেদনকাৰী সকলে কোনো এটা অঞ্চলত বৃহৎ জনসংখ্যা একেখন পঞ্চায়তৰ অধীনত অন্তৰ্ভুক্ত কৰাকে ধৰি কেইবাটাও সংশোধিত বিধিৰ ব...

November 24, 2024 6:53 PM

views 21

১৩ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অহা বছৰৰ ১৩ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত আজি অনুষ্ঠিত সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে জানুৱাৰীত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। দুটা পৰ্যায়ত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।

September 17, 2024 7:05 PM

views 56

পঞ্চায়ত নিৰ্বাচনৰ বাবে অসমৰ কেইবাখনো জিলাৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি কেইবাখনো জিলাৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰা হয়। সমষ্টিৰ সীমা নির্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মৰ্মে প্ৰস্তুত কৰা সচৰা অনুসৰি শোণিতপুৰ জিলাৰ উন্নয়নখণ্ডৰ সংখ্যা পূৰ্বৰ ৭খনৰ ঠাইত ৮খন, গাঁও পঞ্চায়তৰ সংখ্যা ৮২ খনৰ ঠাই ৮৮ খন হৈছে। ৰাজ্য চৰকাৰৰ পঞ্চায়ত ও গ্রামোন্নয়ন বিভাগৰ নিৰ্দেশনাৰ লগত সংযোগ ঘটাই খচৰা প্ৰকাশৰ পাছৰ কামখিনি চলাই নিবৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিয়া হৈছে। এই অনুসৰি কাইলৈৰ পৰা অহা ২০ ছেপ্তেম্বৰলৈকে জিল...