● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি নৌসেনাৰ অভিযানমূলক প্ৰদৰ্শনী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাত উদ্দেশ্যে আজি বিয়লি থিৰুৱনন্তপুৰমত উপস্থিত হ’ব। আমাৰ সংবাদদাতাই জনাইছে যে বিয়লি থিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত তেওঁ শ্বাংগুমুঘাম সাগৰ তীৰত হবলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাত ৰাষ্ট্ৰপতিগৰাকীক MH 60 R হেলিকপ্টাৰখনে গ্ৰেণ্ড চেলুট প্ৰদান কৰিব।
এই প্রদর্শনীত নৌসেনাৰ শক্তি আৰু যুদ্ধৰ প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰা হ’ব য’ত যুদ্ধ বিমান আৰু নিৰীক্ষণকাৰী বিমানকে ধৰি ১৯খন ডাঙৰ যুদ্ধজাহাজ আৰু ৩২খন বিমান প্ৰদৰ্শন কৰা হ’ব। অনুষ্ঠানৰ অন্তত ৰাষ্ট্ৰপতিগৰাকী লোকভৱনলৈ যাব আৰু কাইলৈ পুৱা দিল্লীলৈ উভতি যাব।