ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি নিশা ৮.৩০ বজাত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত আজি পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ ৬ বাজি ১৫ মিনিটত হ’বলগীয়া পুল-বিৰ আন এখন খেলত চীনা টাইপেই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতে যোৱা নিশা বাংলাদেশক ১৩-১ গলৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। অহা বছৰ চিলিত হ’বলগীয়া এফ আই এইছ জুনিয়ৰ বিশ্বকাপৰ বাবে জুনিয়ৰ এছিয়া কাপ প্ৰতিযোগিতাখন যোগ্যতানির্ণয়কাৰী খেল হিচাপে বিবেচিত হ’ব। প্ৰতিযোগিতাৰ শীৰ্ষ ৫টা দলে বিশ্বকাপত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতা লাভ কৰিব।