December 6, 2025 4:04 PM

views 28

ভাৰত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

● ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক পেনাল্টি শ্যুট আউটৰ সহায়ত ৪-৩ গ'লত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ২-২ গ'লত অমিমাংসীত হৈ ৰোৱাত পেনাল্টি শ্যুট আউটৰ সহায় ল'বলগীয়া হয়।

September 8, 2025 11:47 AM

views 25

পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপত ভাৰতৰ চতুৰ্থবাৰৰ বাবে খিতাপ জয়

বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে কালি দক্ষিণ কোৰিয়াক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জয় কৰে। এই জয়ৰ সুবাদত ভাৰতে নেডাৰলেণ্ডছ আৰু বেলজিয়ামত অহা বছৰ হ'বলগীয়া এফ আই এইচ হকী বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰে। ভাৰতে খেলখনৰ আৰম্ভণিতে সুখজিতৰ গ’লৰ সহায়ত প্ৰতিযোগিতাখনত আগবাঢ়ি থাকে। প্ৰথমাৰ্ধৰ সামৰণিৰ কিছু সময়ৰ পূৰ্বে খেলখনৰ ২৮ মিনিটত দিলপ্রীতে আনটো গ’ল দিয়ে। দিলপ্রীতে পুনৰ খেলখনৰ ৪৫ মিনিটত অধিনায়ক হৰমনপ্রীত সিং আৰু ৰাজ...

July 9, 2025 2:45 PM

views 29

ভাৰতৰ পুৰুষ হকী খেলুৱৈ এ দলৰ হাতত নেডাৰলেণ্ডছ ৬-১ গ’লত পৰাস্ত

ভাৰতৰ পুৰুষ হকী খেলুৱৈ এ দলে কালি নেডাৰলেণ্ডছৰ আইণ্ডোভেনত অনুষ্ঠিত এখন খেলত আয়ৰলেণ্ডক ৬-১ গ'লত পৰাস্ত কৰি ইউৰোপীয় ভ্ৰমণৰ পাতনি মেলে। ভাৰত আজি নিশা চাৰে ৯ বজাত হ'বলগীয়া আন এখন খেলত পুনৰ আয়ৰলেণ্ডৰ সন্মুখীন হ'ব।

January 21, 2025 11:52 AM

views 27

ইণ্ডিয়া লীগ প্রতিযোগিতাত জে এছ ডব্লিঅ’ ছুৰমা হকী ক্লাৱৰ হাতত শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছ পৰাস্ত

ৰুৰকেল্লাৰ বীৰচা মুণ্ডা হকী ষ্টেডিয়ামত কালি অনুষ্ঠিত পুৰুষৰ হকী ইণ্ডিয়া লীগ প্রতিযোগিতাৰ এখন খেলত জে এছ ডব্লিঅ' ছুৰমা হকী ক্লাৱে শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছক ২-১ গ'লত পৰাস্ত কৰে। জে এছ ডব্লিঅ' ছুৰমাৰ হৈ প্রাভজ্যোত সিং আৰু মনিন্দ সঙে গ'ল দিয়ে। ইপিনে যুগৰাজ সিঙে শ্রাচী ৰাড় বেংগল টাইগাৰ্ছৰ হৈ একমাত্ৰ গ'লটো দিয়ে। প্রতিযোগিতাত বৰ্তি থকাৰ বাবে জে এছ ডব্লিঅ' ছুৰমা হকী ক্লাৱৰ এই বিজয় অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। প্ৰতিযোগিতা তামিলনাড়ু ড্রেগনছে ১৫ পইণ্টেৰে শীৰ্ষ স্থানত আৰু হায়দাবাদ টুফান্স ১৩ পইণ্টেৰ...

December 9, 2024 1:14 PM

views 30

আজি নিশা ৮.৩০ বজাত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত আজি পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ ৬ বাজি ১৫ মিনিটত হ'বলগীয়া পুল-বিৰ আন এখন খেলত চীনা টাইপেই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতে যোৱা নিশা বাংলাদেশক ১৩-১ গলৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। অহা বছৰ চিলিত হ'বলগীয়া এফ আই এইছ জুনিয়ৰ বিশ্বকাপৰ বাবে জুনিয়ৰ এছিয়া কাপ প্ৰতিযোগিতাখন যোগ্যতানির্ণয়কাৰী খেল হিচাপে বিবেচিত হ'ব। প্ৰতিযোগিতাৰ...

September 16, 2024 7:46 PM

views 26

এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ ফাইনেলত প্ৰৱেশ

চীনৰ হুলুনবুইৰত চলি থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে-দক্ষিণ কোৰিয়াক ৪-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, আনখন ছেমিফাইনেলত আজি আয়োজক দল চীনে-পাকিস্তানক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব।

September 12, 2024 8:07 PM

views 30

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত কোৰিয়াক ৩-১ গলত পৰাস্ত ভাৰতৰ

ভাৰতে আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত কোৰিয়াক ৩-১ গলত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে চতুর্থ বিজয় সাবস্ত কৰে। খেলখনত ভাৰতৰ হৈ অৰিজিত সিং হুন্দল আৰু অধিনায়ক হৰমন প্রীত সিঙে গল দিয়ে। ইয়াং জিহুৱানে কোৰিয়াৰ হৈ একমাত্ৰ গলটো দিয়ে। ভাৰতে ইতিমধ্যে প্রথন তিনিখন খেলত চীন, জাপান আৰু মালয়েছিয়াক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰত পৰহিলৈ হ'বলগীয়া লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত পাকিস্তনৰ সন্মুখীন হ'ব। ৬ খন দেশে অংশগ্ৰহ...

August 2, 2024 2:54 PM

views 39

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ'বলগীয়া পুল মেটচত অংশগ্ৰহণ কৰিব। ভাৰতৰ হৈ শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, জুডো আৰু এথলেটিকছ শাখাত কেইবাগৰাকীও খেলুৱৈ আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ছিংগলছ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈ লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জুডোত মহিলাৰ ৭৮ কিলোগ্রাম উৰ্ধৰ ওজন শাখাৰ এখন খেলত তুলিকা ম...