ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ’ব। তদুপৰি এই পথছোৱাত এটা বডোফাৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ’ব। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দেশৰ ৰাজধানী চহৰৰ এই পথছোৱাৰ নামকৰণৰ সিদ্ধান্তক মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই আদৰণি জনাইছে। শ্ৰী ব্ৰহ্মই এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে। একেদৰে ৰাজ্যৰ বড়ো জনগোষ্ঠীৰ লোকসকলেও চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। এই সিদ্ধান্তই বডোফাৰ ভৱিষ্যদর্শী নেতৃত্ব আৰু জীৱনজোৰা সাধনাক স্বীকৃতি দিয়াৰ লগতে খিলঞ্জীয়া লোকসকলৰ বাবে তেওঁৰ সংগ্ৰামকো সন্মানিত কৰিছে বুলি সংগঠনসমূহে প্ৰকাশ কৰিছে।