নগাঁও জিলাৰ কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেল-পথাৰত অহা ২ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী তথা ত্রিংশতিতম দ্বিবার্ষিক অধিৱেশনৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়াই প্ৰকাশ কৰা মতে এই সমাৰোহত আলোচনাচক্র, কবি সন্মিলন, প্রতিনিধি সভা আৰু মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে এহেজাৰ ১১১ খন অনলাইন গ্ৰন্থ উন্মোচন কৰা হ’ব। লেখিকা সমাৰোহ সমিতিৰ স্বর্ণজয়ন্তী উপলক্ষে নাট্যকাৰ- পৰিচালক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাসকে ধৰি অসমৰ সমাজ, সাহিত্য- সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ৪০ গৰাকী লোকক বিভিন্ন বঁটাৰে সন্মানিত কৰা হ’ব। নাট্যকাৰ ঋতুপৰ্ণ দাসক চাৰি জানুৱাৰীত হ’বলগীয়া মুকলি সভাত কৃষ্ণ ৰায় মেধি নাট্য সাহিত্য শিল্পী বঁটা প্ৰদান কৰা হ’ব।
Site Admin | December 29, 2025 11:44 AM | Aakashbani Guwahati | lekhika samaroh samitee | Local news | Nagaon
নগাঁও জিলাৰ কলিয়াবৰত ২ জানুৱাৰীৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ত্রিংশতিতম দ্বিবার্ষিক অধিৱেশন