ডাউনলোড
মোবাইল এপ

android apple
signal

দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুর্মুৰ

সমগ্র দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে নাৰীসকলৰ উন্নতিৰ বাবে কন্যা সন্তানক শিক্ষা প্ৰদান কৰাত অধিক গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কন্যা সন্তানৰ শিক্ষাৰ বিষয়টোৱে সৰ্বাধিক অগ্ৰাধিকাৰ পোৱা উচিত। তেওঁ লগতে কয় যে কন্যা সন্তানৰ শিক্ষাত বিনিয়োগ কৰা মানেই পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি অমূল্য অৱদান আগবঢ়োৱাকে বুজায়। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে উচ্চ শিক্ষাত কন্যা সন্তানৰ নামভৰ্তিৰ ক্রমবর্ধিত অনুপাতে তেওঁক আনন্দ দিছে বুলিও প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাই ব্যক্তিক সবল কৰে। তেওঁ কয় যে খাদ্য, বস্ত্ৰ আৰু আশ্রয়স্থলৰ দৰে শিক্ষাও মানুহৰ সন্মান আৰু নিৰাপত্তাৰ বাবে অতি প্রয়োজনীয়।

প্রধানমন্ত্রী মোদীয়ে লগতে কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলক অভিনন্দন জনায়। তেওঁ কয়, যে এই শিক্ষক-শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অভূতপূৰ্ব নিষ্ঠাৰ স্বীকৃতি স্বৰূপে এই বঁটাৰ বাবে বাছনি কৰা হৈছে। শ্রীমোদীয়ে কয়, যে শিক্ষক-শিক্ষয়িত্রীসকলে অকল বর্তমানকে নহয় বৰং ৰাষ্ট্ৰৰ ভৱিষ্যতকো গঢ় দিয়ে। ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ ভূমিকা ৰাষ্ট্ৰীয় সেৱাৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত অন্যতম বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে দেশৰ বিভিন্ন অংশত এই বছৰৰ বঁটা প্ৰাপকসকলৰ দৰে অগণন শিক্ষক-শিক্ষয়িত্ৰীয়ে নিষ্ঠা, একাগ্রতা, প্রতিশ্রুতিবদ্ধতা আৰু সেৱাৰ মনোভাৱেৰে শিক্ষা আগবঢ়াই আহিছে।

শিক্ষক দিৱস উপলক্ষে কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে ছাত্র-ছাত্রীসকলক তেওঁলোকৰ পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰাত সহায় কৰা সকলো গুৰুকে প্রণাম জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীপ্রধানে কয় যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই উৎকৃষ্টতাক অধিক উজ্জীৱিত কৰি ৰাষ্ট্ৰীয় উন্নয়নত অৰিহনা যোগাইছে। তেওঁ লগতে কয় যে শিক্ষকসকলে ছাত্র-ছাত্রীসকলক শিক্ষাৰ লগতে ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ববোধো শিকায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।