● দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক’ব পাৰি বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উল্লেখ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে দিব্যাংগসকলক পুতৌৰ নহয়, বৰং সন্মান আৰু মৰ্যাদাৰহে প্ৰয়োজন। দিব্যাংগসকলক প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে তেওঁলোকৰ অতুলনীয় সাফল্য সকলোৰে বাবে প্ৰেৰণাৰ উৎসস্বৰূপ। ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষকৈ ক্রীড়াৰ জৰিয়তে দিব্যাংগসকলৰ সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে পালন কৰি অহা ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে ২০১২ চনত অনুষ্ঠিত পেৰালিম্পিক্ত ভাৰতে মাত্ৰ এটাহে পদক লাভ কৰিছিল, কিন্তু ২০২৪ চনৰ পেৰালিম্পিক্ছত দেশে ২৯ টা পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পৰা দেশৰ পেৰা এথলিটসকলে লাভ কৰা অগ্রগতি স্পষ্ট হৈ পৰিছে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে।
Site Admin | December 3, 2025 4:09 PM | Akashvani | Akashvani News | Droupadi Murmu | Physically Handicap | President of india
দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক’ব পাৰি: ৰাষ্ট্ৰপতি