ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এন ডি এৰ প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ঝাৰখণ্ডত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থীৰ হৈ ৰাজ্যখনৰ বিধানসভা নির্বাচনী প্ৰচাৰৰ বাবে দুখন ৰেলীত ভাগ ল’ব। ঝাৰখণ্ডৰ বিজেপিৰ সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডিয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১১.৩০ বজাত গড়ৱাহত প্ৰথমখন ৰাজহুৱা সভা আৰু দুপৰীয়া প্ৰায় ৩ বজাত চাইবাছাত দ্বিতীয়খন সভাক সম্বোধন কৰিব। উল্লেখযোগ্য যে ঝাৰখণ্ডত নির্বাচনী সময়সূচী ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইখন হ’ব প্ৰথমখন নিৰ্বাচনী ৰেলী। ৰাজ্যখনত অহা ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।