ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ বৈঠক

● দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ড° জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে। দুয়োদেশৰ মাজৰ সম্পৰ্কৰ ধাৰাবাহিক সুস্থিৰতাই দেশ দুখনক পাৰস্পৰিক সুফল দিব বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বিগত বছৰৰ অক্টোবৰত কাজানত হোৱা বৈঠকৰ পাছত দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্ক ক্ৰমাৎ উন্নত হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ ভ্ৰমণকালত দেশখনৰ শীৰ্ষ নেতাসকলৰ সৈতে কৰিবলগীয়া আলোচনাই এই দিশত ইতিবাচক ফলাফল প্রশস্ত কৰিব বুলি ড° জয়শংকৰে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কৈলাস মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বাবে দেশখনৰ সিদ্ধান্তক ভাৰতে বহুলভাৱে প্ৰশংসা কৰিছে বুলি উল্লেখ কৰে। তেওঁ কাইলৈ টিয়ানজিন চহৰত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থা এচ চি অ’ৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। বিদেশমন্ত্ৰীসকলে বিভিন্ন খণ্ডত এচ চি অ’ৰ সহযোগিতাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। ভাৰত, চীন, ৰাছিয়া, কাজাখস্তান, কির্গিস্তান, তাজিকিস্তান, পাকিস্তান আৰু বেলাৰুচ এই ১০ খন ৰাষ্ট্ৰক লৈ ছাংহাই সহযোগিতা সংস্থা গঠন হৈছে। বৰ্তমান চীন এই সংস্থাৰ অধ্যক্ষ ৰাষ্ট্ৰ আৰু দেশখনে বিদেশমন্ত্ৰীসকলৰ এই বৈঠক আহ্বান কৰিছে। চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ সৈতেও ড° জয়শংকৰে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। দুয়োগৰাকী নেতাই দেশ দুখনৰ দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰাৰ দিশত আলোচনা কৰাৰ লগতে উভয় দেশৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ সম্পর্কেও আলোচনা কৰিব।