December 27, 2025 8:13 PM

views 27

টাইৱানক অস্ত্ৰ-শস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত ১০ গৰাকী ব্যক্তি আৰু ২০ টা আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ

চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ে টাইৱানক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত ১০ গৰাকী ব্যক্তি আৰু ২০ টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে বুলি ঘোষণা কৰিছে। ব্যক্তিসকলৰ ভিতৰত প্ৰতিৰক্ষা কোম্পানী এণ্ডুৰিল ইণ্ডাষ্ট্রীজৰ প্ৰতিষ্ঠাপক আৰু প্ৰতিবন্ধকতা আৰোপ কৰা ৯ টা কোম্পানীৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়াও আছে। এই বিষয়াসকলক চীনত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। প্ৰতিবন্ধকতা আৰোপ কৰা কোম্পানীসমূহৰ ভিতৰত নৰ্থৰপ গ্ৰুমন চিষ্টেম্‌ছ কৰ্প'ৰেচন, এল থ্ৰী হেৰিচ মেৰিটাইম ছাৰ্ভি...

October 3, 2025 12:11 PM

views 65

ভাৰত আৰু চীনৰ কেতবোৰ নিৰ্দিষ্ট স্থানৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ

ভাৰত আৰু চীনে এই মাহৰ শেষ ভাগত উভয় দেশৰ কেতবোৰ নিৰ্দিষ্ট স্থানৰ মাজত পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে দুয়োখন দেশৰ অসামৰিক বিমান পৰিবহণৰ কৰ্তৃপক্ষই পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰা আৰু বিমান সেৱা চুক্তিৰ সংশোধন সন্দৰ্ভত কাৰিকৰী পৰ্যায়ৰ আলোচনা চলাই আছে৷ ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক পুনৰ স্বাভাৱিক কৰি তোলাৰ দৃষ্টিভংগীৰ অধীনত চৰকাৰে চলিত বৰ্ষৰ প্ৰথম ভাগৰে পৰাই ভালেমান উদ্যম গ্ৰহণ কৰিছে। পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ...

September 1, 2025 2:52 PM

views 43

টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে

■ চীনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ অংশ হিচাপে অনুষ্ঠিত ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সন্মিলনৰ পাছত আজি প্ৰকাশ পোৱা টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে। ইয়াৰ লগতে আঞ্চলিক সহযোগিতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাকো স্বীকৃতি দিয়া হৈছে। শেহতীয়াকৈ পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত সদস্য ৰাষ্ট্ৰসমূহে তীব্ৰ গৰিহণা দিয়াৰ লগতে নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ঘোষণাত লগতে এনেধৰণৰ আক্ৰমণৰ ঘটনাৰ অভিযুক্ত, সন্ত...

August 8, 2025 12:23 PM

views 57

তীব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰৰ অংশত চীনৰ বৃহৎ বান্ধ নির্মাণ সম্পৰ্কীয় ঘটনাৰাজি সূক্ষ্মভাৱে নিৰীক্ষণ ভাৰতৰ

চীনে তীব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰৰ অংশত বৃহৎ বান্ধ নির্মাণ সম্পৰ্কীয় ঘটনাৰাজি ভাৰতে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কালি ৰাজ্যসভাত মুকুল বালকৃষ্ণ ৱাছনিক আৰু ৰিতাব্ৰত বেনাৰ্জীয়ে সোধা প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰৰ উজনি অংশত চীনে বান্ধ নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰা বুলি ওলোৱা বাতৰি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। ১৯৮৬ চনত প্ৰথমে এই প্ৰকল্পৰ কথা ৰাজহুৱা কৰা হৈছিল আৰু তেতিয়াৰেপৰা চীনত বান্ধ নিৰ্মাণৰ প্ৰস্তুতি অব্যাহত...

July 28, 2025 5:08 PM

views 3

আমেৰিকা-চীনৰ বাণিজ্যিক চুক্তিৰ ম্যাদ আৰু ৯০ দিন বৃদ্ধি কৰিবলৈ সন্মত হোৱাৰ সম্ভাৱনা

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে আজি ছুইডেনৰ ষ্টকহ’মত নতুন লানি বাণিজ্যিক আলোচনা আৰম্ভ কৰিব। বিশ্বৰ বৃহত্তম অর্থনীতিৰ ৰাষ্ট্ৰ দুখনে বাণিজ্যিক চুক্তিৰ ম্যাদ আৰু ৯০ দিন বৃদ্ধি কৰিবলৈ সন্মত হোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেচেণ্ট আৰু চীনৰ উপ-প্রধানমন্ত্ৰী হে লিফেঙে আলোচনাৰ নেতৃত্ব দিব । বৰ্তমানৰ ৯০ দিনীয়া বাণিজ্যিক চুক্তিৰ অধীনত দুয়োখন দেশে সাময়িকভাৱে পাৰস্পৰিক শুল্ক হ্ৰাস কৰিবলৈ সন্মত হৈছিল আৰু ইয়াৰ ম্যাদ অহা ১২ আগষ্টত উকলি যাব।

July 14, 2025 2:43 PM

views 39

চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ বৈঠক

● দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ড° জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে। দুয়োদেশৰ মাজৰ সম্পৰ্কৰ ধাৰাবাহিক সুস্থিৰতাই দেশ দুখনক পাৰস্পৰিক সুফল দিব বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বিগত বছৰৰ অক্টোবৰত কাজানত হোৱা বৈঠকৰ পাছত দেশ দুখনৰ...

June 19, 2025 8:32 PM

views 26

বিগত ৫ বছৰত ভাৰত গোলকীয় পৰ্য্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত

বিগত ৫ বছৰত ভাৰত গোলকীয় পৰ্য্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। আন্ত-ৰাষ্ট্ৰীয় শক্তি সংস্থা আই ই এৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ব্যৱসায়িক আৰু আৱাসিক স্থানৰ সম্প্ৰসাৰণ, শীত-তাপ নিয়ন্ত্ৰণ আৰু অন্য ঘৰুৱা বৈদ্যুতিক আহিলাৰ বৰ্ধিত ব্যৱহাৰ তথা উদ্যোগৰ বৰ্ধিত চাহিদাই এই বিকাশত অৰিহণা যোগাইছে। দেশত নৱীকৰণযোগ্য শক্তিৰ বৰ্ধিত আকর্ষণকেই শক্তি উৎপাদনৰ সামর্থ্য বৃদ্ধিৰ মূল কাৰক বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনত নিকা শক্তি বিশ...

May 5, 2025 4:41 PM

views 40

চীনৰ গুইঝৌ অঞ্চলত পৰ্যটকৰ ৪খন নাও পানীত বুৰ যোৱাত ৯ গৰাকী লোকৰ মৃত্যু

■ চীন দেশৰ গুইঝৌ অঞ্চলত কালি আকস্মিকভাৱে অহা প্ৰচণ্ড বতাহৰ ফলত পৰ্যটকৰ চাৰিখন নাও পানীত বুৰ যোৱাত ৯ গৰাকী লোকে প্ৰাণ হেৰুৱায়। সামাজিক মাধ্যমত প্রকাশ পোৱা মতে এই দুৰ্ঘটনাত নাওকেইখনত থকা মুঠ ৮৪ গৰাকী যাত্ৰী বুৰ গৈছিল যদিও ইয়াৰে ৭৪ গৰাকী লোকক উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাৰ কৱলত পৰা এজন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই ঘটনাৰ পাছত উদ্ধাৰ আৰু সাহায্য অভিযানত প্রায় ৫০০ গৰাকী লোকক জড়িত কৰোৱা হয়। দেশখনৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰসমূহৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানত দুৰ্ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱ...

April 9, 2025 3:06 PM

views 29

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী

● আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ঘোষণাৰ অংশ হিচাপে চলিত মাহৰ ৩ তাৰিখৰ পৰা প্ৰতিশুল্ক ঘোষণা কৰে। ভাৰতৰ উপৰি ভিয়েটনামৰ সামগ্ৰীৰ ক্ষেত্ৰত ৪৬ শতাংশ, টাইৱানৰ সামগ্ৰীৰ ওপৰত ৩২ শতাংশ, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ, জাপানৰ সামগ্ৰ...

December 11, 2024 1:53 PM

views 30

হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ

চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র মাও নিঙে কয় যে হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ চীনে আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ আমেৰিকাই হংকঙৰ প্ৰশাসনিক আৰু চৰকাৰী বিষয়াসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰতিক্ৰিয়াৰূপে বেইজিঙত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰগৰাকীয়ে এই সিদ্ধান্ত ঘোষণা কৰে। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে আমেৰিকাই চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক নিয়ন্ত্ৰণ কৰা মৌলিক নীতি-নিয়ম উলংঘা কৰ...