January 6, 2026 1:45 AM

views 13

৬ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি ছদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড° জয়শংকৰে ভ্ৰমণৰ প্ৰথম দিনতে পেৰিছত চি ক্বী চে ট্রামে-ভাৰত আৰু ফ্ৰান্সৰ মাজৰ গাথা শীর্ষক এখন প্রদর্শনীলৈ যোৱাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্রদর্শনীয়ে ভাৰতৰ বস্ত্ৰ ঐতিহ্য আৰু সৃজনীশীলতাক প্ৰতিফলিত কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা শক্তিশালী সাংস্কৃতিক বান্ধোনৰ কথাও সোঁৱৰাই দিছে। উল্লেখযোগ্য যে এই ভ্ৰমণকালত ড° জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃস্থানীয় লোকসকলক দেখা কৰাৰ লগতে ফ্ৰান্স...

October 27, 2025 7:47 PM

views 41

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী কিষ্টোফাৰ লাক্সনক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কোৱালালামপুৰত আজি আছিয়ান সন্মিলন, ২০২৫-ত ভাগ লোৱাৰ সুযোগতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী কিষ্টোফাৰ লাক্সনক সাক্ষাৎ কৰে। ড° জয়শংকৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হৈ তেওঁক আদৰণি জনায়। শ্ৰী জয়শংকৰে দ্বিপাক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু মুক্ত ভাৰত-প্রশান্ত মহাসাগৰীয় এলেকাৰ ক্ষেত্ৰত কৰা পোষকতাৰ বাবে প্ৰশংসা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আজি পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মার্ক ৰুবিয়কো সাক্ষাৎ কৰে। দ্বিপা...

September 30, 2025 11:44 AM

views 39

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে কালি নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ কৰে। মন্ত্রী ড০ জয়শংকৰে শেহতীয়াকৈ নিযুক্তি দিয়া উচ্চায়ুক্তৰ প্ৰতি শুভেচ্ছা জনাই কয়, যে এয়া এক আদৰণীয় পদক্ষেপ। ড০ জয়শংকৰৰ এই সাক্ষাৎ আছিল ৮০ সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ উচ্চ পৰ্যায়ৰ বৈঠকসমূহৰে অংশবিশেষ। এই বৈঠকৰ সুযোগতে মন্ত্ৰী ড০ জয়শংকৰে দ্বিপাক্ষিক আৰু বহুপাক্ষিক কেইবাখনো বৈঠকত সক্রিয় অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মন্...

July 14, 2025 2:43 PM

views 38

চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ বৈঠক

● দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ড° জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে। দুয়োদেশৰ মাজৰ সম্পৰ্কৰ ধাৰাবাহিক সুস্থিৰতাই দেশ দুখনক পাৰস্পৰিক সুফল দিব বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বিগত বছৰৰ অক্টোবৰত কাজানত হোৱা বৈঠকৰ পাছত দেশ দুখনৰ...

June 10, 2025 9:27 PM

views 43

ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সঁকিয়নি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ সঁকিয়াই দিছে। তেওঁ লগতে কয়, যে শেহতীয়াকৈ পেহেলগামত হোৱা আক্ৰমণৰ দৰে পাকিস্তানে যদি কোনো ধৰণৰ প্ৰৰোচনাত পৰি ভাৰতক পুনৰ আক্ৰমণ কৰাৰ চেষ্টা কৰে, তেন্তে ভাৰতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। মন্ত্ৰীজনে আমেৰিকাৰ এখন ডিজিটেল বাতৰি কাকতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এইদৰে প্ৰকাশ কৰে। ড০ জয়শংকৰে লগতে কয়, যে চীনে পাকিস্তানৰ সৈতে থকা আত্মীয়তাৰ আঁৰত সন্ত্ৰাসবাদৰ পোষকতা কৰিব নোৱাৰে। তেওঁ লগতে কয়, যে সন্ত্...

March 20, 2025 3:48 PM

views 32

সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছেঃ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত আনুষ্ঠিত চি আই আই ইণ্ডিয়া-এল এ চিৰ অভিৱৰ্তনত ভাষণ দিয়ে। গোলকীয় অৰ্থনীতিৰ বিভিন্ন প্রেক্ষাপটৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ পাৰ হৈ যোৱা সময়ছোৱাত দেখা দিয়া চাপ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি আঙুলিয়াই দি কয় যে সাম্প্রতিক পৃথিৱীখন এটা জটিল তথা অনিশ্চিত অৱস্থাৰ মাজেৰে অগ্ৰসৰ হৈছে। কোভিড-১৯ মহামাৰী আৰু ইয়াৰ সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱৰ ফলত উন্নয়নশীল দেশসমূহ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে উল্লেখ কৰি ড০ জয়শংকৰে কয় যে ইয়াৰ ফলত বহনক্ষম উন্নয়নৰ...

February 19, 2025 3:32 PM

views 29

দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে দ ক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মর্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে প্ৰকাশ কৰা মতে বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড০ জয়শংকৰৰ অংশগ্রহণে জি-২০ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গ্ল'ৱেল চাউথ ৰূপে পৰিচিত অর্থনীতি আৰু ঔদ্যোগীক দিশৰ পৰা তুলনামূলক ভাৱে...

January 27, 2025 4:38 PM

views 39

৩ দিনীয়া কাৰ্যসূচীৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ বিভিন্ন নেতাক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰ্যালোচনা কৰিব। উভয়পক্ষৰ মাজৰ আলোচনাই এই দ্বিপাক্ষিক সম্পর্কক অধিক শক্তিশালী কৰি তোলাৰ পথ প্ৰশস্ত কৰিব পাৰিব বুলি আশা কৰা হৈছে ।বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত লগতে কোৱা হৈছে যে, বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ সংহত কৌশলী সহযোগিতাক অধিক আগবঢ়াই নিব আৰু পাৰস্পৰি...

December 13, 2024 5:18 PM

views 40

বাংলাদেশে সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী

বাংলাদেশে নিজ দেশত সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী। লোকসভাত পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বাংলাদেশত সংখ্যালঘূসকলৰ ওপৰত হোৱা একাধিক আক্রমণ চিন্তাৰ বিষয় হৈ পৰিছে আৰু এই কথা ভাৰতে বাংলাদেশৰ কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰিছে। শেহতীয়াকৈ ভাৰতৰ বৈদেশিক সচিবে ঢাকা ভ্ৰমণ কৰা বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাংলাদেশত ভাৰতৰ উন্নয়নমূলক প্ৰকল্পৰ এটা ভাল ইতিহাস আছে বুলি মতামত প্রকাশ কৰি ড০ এছ জয়শষংকৰ বাংলা...

December 7, 2024 8:40 PM

views 24

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্রভাব সম্পর্কে আলোকপাত বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ

বিদেশ মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আঞ্চলিক অস্থিৰতাৰ সুদূৰ প্ৰসাৰী প্রভাব সম্পর্কে আলোকপাত কৰিছে। কাটাৰত আজি মুকলি হোৱা দোহা মঞ্চ ২০২৪ৰ এটা আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে এনেদৰে কয়। কাটাৰৰ প্রধানমন্ত্ৰী আৰু নৰোৱেৰ বিদেশ মন্ত্ৰীৰ সৈতে নতুন যুগৰ সংঘাটৰ সৈতে মধ্যস্থতা সম্পর্কে আলোচনা কৰি শ্ৰী জয়শংকৰে দূৰৈৰ সংঘাতেও ভাৰতৰ অৰ্থনীতি আৰু নিৰাপত্তাৰ দিশত পেলোৱা স্পষ্ট প্ৰভাৱৰ বিষয়েও সজোৰে মত প্ৰকাশ কৰে। ভৌগোলিক ভাবে ভাৰত যথেষ্ট দূৰত্বত থাকিলেও এনে সংঘাতসমূহৰ প্রভাব খৰতকীয়াকৈ ভা...