চাইপ্ৰাছৰ সংসদৰ অধ্যক্ষ আন্বিতা ডিমেট্রিউৰ নেতৃত্বত অহা এটা সংসদীয় প্রতিনিধি দলে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে চাইপ্ৰাছৰ সৈতে কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক সন্মান আধাৰিত ভাৰতৰ সহযোগিতাৰ বিষয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে বিগত বছৰসমূহত ভাৰত আৰু চাইপ্ৰাছৰ মাজত থকা ৰাজনৈতিক সম্পর্ক, অর্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা আৰু সাংস্কৃতিক সম্পর্ক গভীৰ হৈছে। উভয় দেশৰ মাজত থকা অর্থনৈতিক সম্পর্ক সম্প্ৰসাৰণৰ অসীম সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ৰাষ্ট্ৰসংঘ, ইউৰোপীয় সংঘ আৰু কমনৱেল্থৰ লেখীয়া বহুপাক্ষিক মঞ্চসমূহত থকা দুয়োখন দেশৰ ঘনিষ্ঠ সহযোগিতাৰ শলাগ লয়। চাইপ্ৰাছৰ প্ৰতিনিধি দলটোৱে এইবেলি ভ্ৰমণকালত ভাৰতৰ গণতন্ত্ৰ আৰু সংসদীয় কাম-কাজৰ বিষয়ে জ্ঞান আহৰণ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। এনেধৰণৰ সংসদীয় বিনিময়ে দুয়োখন দেশৰ মাজত থকা বন্ধুত্বপূর্ণ সম্পর্কক অধিক শক্তিশালী কৰি তুলিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্রকাশ কৰে।
Site Admin | November 27, 2025 1:57 PM | Akashvani | Akashvani News | Droupadi Murmu | President of india
চাইপ্ৰাছৰ সংসদৰ অধ্যক্ষ আন্বিতা ডিমেট্রিউৰ নেতৃত্বত অহা সংসদীয় প্রতিনিধি দলৰ ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ