ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাত মহিলাৰ ডাবলছৰ খিতাপ বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ

ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। যুটীটোৱে কেৱল ৪৩ মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লী হুৱা ঝৌ আৰু ৱাং জী মেঙক ২১-১৮, ২১–১২ পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা বেয়া প্ৰদৰ্শনৰ পাছত এই বিজয়ৰে ভাৰতীয় যুটীটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিলে। ইপিনে পুৰুষৰ একক শাখাত সতীশ কুমাৰ কৰুণাকৰণে চীনৰ ঝু ছুৱান চেনক ২১–১৭, ২১-১৮ গেমত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ছুপাৰ হান্ড্রেড খিতাপ দখল কৰে। মহিলাৰ একক শাখাত ভাৰতৰ অনমোল খৰবে ৭৮ মিনিটজোৰা খেলখনত অলপৰ বাবে চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হয়। ইয়াৰ পূৰ্বে মালয়েছিয়াৰ ছিয়া ৱেইজি আৰু লুই চেং হাৱেই পুৰুষৰ ডাবলছ খিতাপ দখল কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।