মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি ৰোগীৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক ৰব’টিক চাৰ্জাৰী ব্যৱস্থা মুকলি কৰে। এই অস্ত্ৰোপচাৰ যন্ত্ৰটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী, কার্দিঅ ভাছকুলাৰ ডিজিজ এণ্ড স্ট্রোক আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ১৪ কোটি ৯৯ লাখ টকা ব্যয়েৰে ক্ৰয় কৰিছে। এই অস্ত্ৰোপচাৰ নিখুঁত হোৱাৰ লগতে ইয়াৰ ফলত কৰ্কট ৰোগৰ উন্নত চিকিৎসা প্রদানত সুবিধা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমে উত্তৰ পূৱ ভাৰতৰ প্ৰথমটো ৰবটিক অস্ত্ৰোপচাৰ আৰম্ভ কৰি ৰঙালী বিহু উদযাপনৰ আৰম্ভণি কৰিছে। উজনি অসম আৰু বৰাক উপত্যকাৰ ৰোগীসকলৰ সুবিধার্থে ডিব্ৰুগড় আৰু শিলচৰতো অনুৰূপ ব্যৱস্থা প্ৰৱৰ্তন কৰা হব বুলি ড০ শৰ্মাই উল্লেখ কৰে। অসমৰ স্বাস্থ্য সেৱাৰ যাত্ৰাত এয়া এক বৃহৎ মাইলৰ খুটি বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই উচ্চ মানৰ চিকিৎসা প্রযুক্তি পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ সৃষ্টি কৰিবলৈ সমন্বিত পদক্ষেপ লোৱা হৈছে। চৰকাৰে ৰাজ্যৰ সকলো চিকিৎসালয়ত নাৰ্ছিং মহাবিদ্যালয় আৰম্ভ কৰাৰ পৰিকল্পনা লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই মহাবিদ্যালয়সমূহত ইংৰাজী, জাপানী আৰু অন্য বিদেশী ভাষাৰ পাঠদান কৰা হব। আজিৰ অনুষ্ঠানত উদ্যোগ মন্ত্ৰী বিমল বৰা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | April 13, 2025 7:29 PM | Assam CM | GMCH Robotic Surgery
গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অত্যাধুনিক ৰ’ব’টিক ছাৰ্জাৰী ব্যৱস্থা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুকলি
