ডাউনলোড
মোবাইল এপ

android apple
signal

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন কৰা হৈছে। দীনদয়াল কাণ্ডালা বন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে এই প্রকল্পই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শূন্য কার্বন নির্গমন লক্ষ্য পূৰণত সহায় কৰিব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে বন্দৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা এই প্ৰচেষ্টা শলাগিবলগীয়া। ভাৰত চৰকাৰে শূন্য কার্বন নির্গমন নীতিৰ বাবে গ্ৰহণ কৰা প্রচেষ্টাসমূহক এই প্রকল্পই অধিক উৎসাহিত কৰিব।