August 3, 2025 8:01 PM

views 29

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন কৰা হৈছে। দীনদয়াল কাণ্ডালা বন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে এই প্রকল্পই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শূন্য কার্বন নির্গমন লক্ষ্য পূৰণত সহায় কৰিব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে বন্দৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা এই প্ৰচেষ্টা শলাগিবলগীয়া। ভাৰত চৰকাৰে শূন্য কার্বন নির্গমন নীতিৰ বাবে গ্ৰহণ কৰা প্রচেষ্টাসমূহক এই প্রকল্পই অধিক উৎসাহিত কৰিব।

April 29, 2025 8:00 PM

views 20

সেউজ হাইড্ৰজেন ভৱিষ্যতৰ ইন্ধন : শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশী

কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সেউজ হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন অভিযানৰ সুযোগ সম্পৰ্কীয় এখন কর্মশালা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে সেউজ হাইড্ৰ'জেনৰ উৎপাদনৰ বাবে প্রযুক্তি বিকশাই তোলাৰ বাবে সহযোগিতাৰে কাম কৰিবলৈ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ প্ৰতি আহ্বান জনায়। শ্রীযোশীয়ে কয়, যে খণ্ডটোৰ দেশক নৱীকৰণ শক্তিৰ দিশে আগবঢ়াই নিয়াৰ বাবে নতুন প্ৰযুক্তি...

July 14, 2024 1:15 PM

views 32

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ

কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন অভিযান নামেৰে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। অসম প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই কালি যোৰহাট বিজ্ঞান চ'ৰাৰ ৰূপালী জয়ন্তী বৈঠকত অংশগ্ৰহণ কৰি কয় যে, এই আঁচনিৰ অধীনত দেশৰ ছয় লাখ নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব। অসমত সেউজ হাইড্ৰ'জেন, সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীর্ষক বক্তৃতা প্ৰদান কৰি শ্ৰী বৰুৱাই অসমতো সেউজ হাইড্ৰ'জেন উৎপাদন গোট ইতিম...