September 20, 2025 10:12 PM

views 27

আহমেদাবাদৰ সমীপৰ লোথালত নির্মীয়মাণ ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

গুজৰাট ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ সমীপৰ প্ৰাচীন নগৰ লোথাললৈ যায় আৰু লোথালত নির্মীয়মান ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। প্রধানমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো ভাগ লয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদ ৪ হাজাৰ ৫ শ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে। সমগ্ৰ বিশ্বতে ভাৰতৰ সামুদ্রিক শক্তিৰ বিষয়ে অৱগত কৰোৱাই হৈছে এই ঐতিহ্য চৌহদ নিৰ্মাণৰ মূল লক্ষ্য। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গ...

August 3, 2025 8:01 PM

views 29

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন কৰা হৈছে। দীনদয়াল কাণ্ডালা বন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে এই প্রকল্পই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শূন্য কার্বন নির্গমন লক্ষ্য পূৰণত সহায় কৰিব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে বন্দৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা এই প্ৰচেষ্টা শলাগিবলগীয়া। ভাৰত চৰকাৰে শূন্য কার্বন নির্গমন নীতিৰ বাবে গ্ৰহণ কৰা প্রচেষ্টাসমূহক এই প্রকল্পই অধিক উৎসাহিত কৰিব।

November 1, 2024 5:57 PM

views 33

গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা সৰ্ববৃহৎ প্ৰকল্প মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা ৰাজ্যখনৰ সৰ্ববৃহৎ প্ৰকল্পটো মুকলি কৰে। ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰে ৩৭৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু প্ৰকল্পটোত প্ৰতিদিনে এহেজাৰ মেট্রিকটন গোটা আৱৰ্জনাৰ পৰা ১৫ মেগাৱাট শক্তি উৎপাদন কৰিব পৰা যাব। উদ্বোধনী অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলেও অংশগ্ৰহণ কৰে।

July 6, 2024 8:16 PM

views 36

আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ কর্মীসভাত ৰাহুল গান্ধী অংশগ্ৰহণ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰি তেওঁৰ দলে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব বুলি আস্থা প্ৰকাশ কৰে। এদিনীয়া ভ্রমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰী গান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্রীড়া মণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটনাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰে। আমাৰ সংবাদদাতাই জনায় যে সাংসদ ৰাহুল গান্ধীয়ে লোকসভাত দিয়া হিন্দুবিৰোধী মন্তব্যক কেন্দ্ৰ কৰি আহমেদাবাদত থকা গুজৰাট প্রদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ বাহিৰত অলপতে হোৱা বি...

July 6, 2024 5:29 PM

views 24

আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্ৰমণ কালত শ্ৰী শ্বাহ আহমেদাবাদ আৰু গান্ধীনগৰত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰত ১০২ সংখ্যক আন্তর্জাতিক সমবায় দিৱস উপলক্ষে আয়োজিত চাহাড় চে সমৃদ্ধি শীর্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পাছত তেওঁ বানছকান্তাৰ চাংৰা গাঁৱৰ মহিলা দুগ্ধ উৎপাদকসকলক ৰূপে ক্রেডিট কার্ড বিতৰণ কৰিব আৰু সমবায় পাইলট প্রকল্প পৰিদৰ্শন কৰিব। শ্ৰী শ্বাহে গোধৰা পঞ্চমহলৰ মাহুলিয়া গাঁৱৰ ...