ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ কৰিছে। ৰাফাৰ সমীপত হোৱা এটা বিস্ফোৰণত ইজৰাইলী সৈনিক নিহত হোৱাৰ পাছত আজি গাজাষ্ট্ৰীপত ইজৰাইলে এলানি বিমানেৰে চলোৱা আক্ৰমণত এগৰাকী সাংবাদিককে ধৰি ১৫ গৰাকী অসামৰিক লোক নিহত হয়। ইজৰাইল সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাফাত বাহৰ পাতি থকা ইজৰাইলী সেনাবাহিনীক উদ্দেশ্য কৰি হামাছ যোদ্ধাই এটা এন্টি টেংক ক্ষেপনাস্ত্র নিক্ষেপ কৰাৰ লগতে মুকলিকৈ গুলীবর্ষণ কৰাৰ ফলত দুগৰাকী ইজৰাইলী সেনা নিহত হয়।

ইপিনে হামাছে প্রকাশ কৰা অনুসৰি যুদ্ধ বিৰতিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও ইজৰাইলে এই প্রতিশ্রুতি উলংঘা কৰে। হামাছে কয়, যে পৰৱৰ্তী পৰ্যায়ত যুদ্ধবিৰতি সম্পূৰ্ণৰূপে বাতিল হৈ যাব পাৰে। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা জাবেদ কুষ্ণাৰ আৰু বিশেষ এনভয় ষ্টীভ উইটকফ আজি ইজৰাইলত উপস্থিত হৈছে। তেওঁলোকে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সাক্ষাৎ কৰাৰ কথা।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।