ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

খানাপাৰা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ খানাপাৰাত থকা অসম পশুধন আৰু হাঁহ- কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্যসন্মত গাহৰি মাংসৰ লগতে বিভিন্ন প্ৰকাৰৰ সংসাধিত খাদ্য সামগ্রী প্রস্তুত কৰা হ’ব। প্ৰকল্পটো উদ্বোধন কৰি মন্ত্ৰী শ্ৰীবৰাই কয় যে, অসমৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণত পশুপালন ক্ষেত্ৰখনে যথেষ্ট অৰিহনা যোগাই আহিছে। তদুপৰি ৰাজ্যৰ সবাতোকৈ সম্ভাৱনা পূর্ণ ক্ষেত্ৰসমূহৰ অন্যতম হোৱা হেতুকে ইয়াৰ লগত জড়িত হৈ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে নিজকে স্ব-নিৰ্ভৰশীল কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ সা-সুবিধা গ্ৰহণ কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে। ইপিনে, অনুষ্ঠানত উপস্থিত থাকি নিগমৰ অধ্যক্ষ মনোজ শ‍ইকীয়াই কয় যে, নিগমৰ জৰিয়তে বিগত সময়ছোৱাত প্ৰায় ২১ হাজাৰ যুৱক-যুৱতীক পশুপালন সম্পৰ্কীয় প্রশিক্ষণ প্ৰদানৰ লগতে ৮ হাজাৰ যুৱক-যুৱতীক স্বাৱলম্বি কৰি গঢ়ি তোলা হৈছে। উদ্বোধনী অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰীকে ধৰি বিভিন্ন জন উপস্থিত থাকে।