January 22, 2026 8:03 PM

views 21

অতুল বৰাৰ অধ্যক্ষতাত আজি আমবাৰীস্থিত দলৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্য্য নির্বাহক সভা অনুষ্ঠিত

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত আজি আমবাৰীস্থিত দলৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্য্য নির্বাহক সভা অনুষ্ঠিত হয়। সভাত আসন্ন বিধানসভা নির্বাচনৰ লগতে দলৰ বিভিন্ন পৰ্য্যায়ৰ সাংগঠনিক বিষয় লৈ আলোচনা কৰা হয়। সভা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অতুল বৰাই কয়, যে দলটো শিপাৰ সন্ধানত ব্রতী হ'ব। তেওঁ লগতে দলীয় কর্মীসকলে স্থানীয় পর্য্যায়ত দলৰ ভেটি শক্তিশালী কৰা আৰু জনসংযোগ বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে। বৈঠকত জয়ৰ সম্ভাৱনা থকা সমষ্টিবোৰ চিনাক্ত কৰি অগ্ৰাধিকাৰৰ ভিত্তিত কথাবোৰ বিব...

December 31, 2025 8:10 PM

views 23

অগপই ইংৰাজী ২০২৬ বছৰটোতো ৰাইজৰ সৱল কণ্ঠৰ ভূমিকা পালন কৰি যাব : অতুল বৰা

অসম গণ পৰিষদ দলে ইংৰাজী ২০২৬ বছৰটোতো ৰাইজৰ সৱল কণ্ঠৰ ভূমিকা পালন কৰি যাব। বছৰটোৰ অন্তিম দিনা আজি দলটোৰ আমবাৰী মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই অংগীকাৰৰ কথা প্ৰকাশ কৰে। সভাপতি অতুল বৰাই কয় যে অসম গণ পৰিষদে ঘৰে ঘৰে সংস্থাপন-ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক গ্ৰামাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত মিত্ৰদল বিজেপিৰ সৈতে দলটোৱে মিত্ৰতা অক্ষুণ্ণ ৰাখি জয়লাভৰ সম্ভাৱনা থকা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি শ্ৰী...

December 25, 2025 11:46 AM

views 27

১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ বহু প্রত্যাশীত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব

অহা বৰ্ষৰ ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ বহু প্রত্যাশীত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি বোকাখাটত কালি কৃষিমন্ত্রী অতুল বৰাই এই কথা প্রকাশ কৰে। তেওঁ লগতে কেন্দ্রীয় কেবিনেটে কলিয়াবৰৰ পৰা নুমলীগড়লৈ মুঠ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ আৰু কাজিৰঙা এলিভেটেড কৰিডৰৰ বাবে ৬৯৫৭ কোটি টকাৰ অনুমোদন জনাইছে বুলি উল্লেখ কৰে। এই এলিভেটেড কৰিডৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ জীৱন সুৰক্ষিত হ'ব বুলি আশা কৰা হৈছে। তেওঁ লগতে কয়, যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত নিশা কট...

December 18, 2025 7:08 PM

views 26

ৰাষ্ট্ৰীয় খোৱা তেল মিছন তৈল খেজুৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠক

কৃষি মন্ত্রী অতুল বৰাই আজি ৰাষ্ট্ৰীয় খোৱা তেল মিছন তৈল খেজুৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত পতঞ্জলি ফুডছ লিমিটেড, গডৰেজ এগ্রোভেট, থ্রি এফ অইল পাম, কে ই কালটিভেচন লিমিটেড, শিবাশীচ অইল পাম লিমিটেডৰ প্রতিনিধি আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত ৰাজ্যত আঁচনিখনৰ ৰূপায়ণৰ শেহতীয়া অগ্রগতিৰ বুজ লয় আৰু আঁচনিখনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়োজনীয় ব্যবস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত কৃষি বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্রবীণ, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জল্লী, ...

November 26, 2025 7:17 PM

views 32

ভাৰত-বাংলাদেশ সীমান্তৰ অসম সংলগ্ন ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২২৮. ৫৪ কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ

ভাৰত-বাংলাদেশ সীমান্তৰ অসম সংলগ্ন ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২২৮. ৫৪ কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আজি অসম বিধানসভাৰ প্রশ্নোত্তৰ কালত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই কয়, যে ৰাজ্যখনৰ ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ সৈতে থকা আন্তর্জাতিক সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে শ্রীভূমি জিলাৰ কুচিয়াৰা নদীৰ পাৰত ভাৰতীয় লোকৰ বসতি থকা ৪.৩৫ কিলোমিটাৰ অংশত বাং...

November 23, 2025 8:37 PM

views 77

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবলছ শীর্ষক কেন্দ্ৰটোৰ স্থান কৃষি মন্ত্রী অতুল বৰাৰ পৰিদৰ্শন

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত কাইলৈ ইজৰাইলৰ ৰাষ্ট্রদূত বিঅভেন আজাৰৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰিবলগীয়া ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবলছ শীর্ষক কেন্দ্ৰটোৰ স্থান আজি কৃষি মন্ত্রী অতুল বৰাই পৰিদৰ্শন কৰে। অসম ৰাজ্যিক উদ্যান শস্য অভিযানৰ অধীনত ভাৰত-ইজৰাইল কৃষি প্রকল্প অর্থাৎ আই আই এ পিৰ অংশীদাৰিত্বৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। অত্যাধুনিক প্রযুক্তিৰ সুবিধাৰে সুসজ্জ্বিত এই কেন্দ্ৰটোৰ জৰিয়তে বাণিজ্যিক মূল্য থকা শস্যৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি বছৰজ...

September 5, 2025 8:31 PM

views 49

কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ কৃষি ভূমিত শুঁৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই দিচপুৰৰ জনতা ভৱনত আজি কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে এই সন্দৰ্ভত পর্যালোচনা অংশ লয়। ৰাজ্যখনৰ কেইবাখনো জিলাৰ খৰাং সদৃশ পৰিস্থিতি কৃষক সকলক সহায় কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কাজিৰঙাত নির্মীয়মান অৰ্কিড উদ্যান, গোৱালপাৰাৰ দৰংগিৰিত নিৰ্মীয়মান কলৰ বজাৰ গৃহ শেহতীয়া অগ্ৰগতিৰ সন্দৰ্ভতো বৈঠকত পর্যালোচনা কৰে ৷ তেওঁ কৃষক সকলক ...

August 3, 2025 11:21 AM

views 39

বিভাগীয় বিষয়াসকলৰ সৈতে খৰাং সদৃশ পৰিস্থিতিৰ সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাৰ আলোচনা

● ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে কালি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে। দিছপুৰত অনুষ্ঠিত পর্যালোচনা বৈঠকত তেওঁ লগতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে পি. এম. কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, আৰ. আই. ডি. এফকে ধৰি বিভিন্ন কৃষি আঁচনিৰ অধীনৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতি আৰু ৰূপায়ণৰ সবিৱেশ পৰ্যালোচনা কৰে। তদুপৰি আঁচনিসমূহৰ সফল ৰূপায়ণৰ দ্বাৰ...

July 26, 2025 8:18 PM

views 40

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ ছহিদৰ স্মৃতিক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নির্মীয়মান ছহিদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান অহা নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। ১১৬ বিঘা ভূমি সামৰি নির্মীয়মান এই উদ্যানত ছহিদ স্মাৰকৰ লগতে দেশৰ ভিতৰতে অন্যতম সুউচ্চ স্তম্ভ আৰু ছহিদ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। মন্ত্ৰী অতুল বৰাই আজি এই নির্মীয়মান ক্ষেত্ৰ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাছত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই উদ্যান আৰু স্মাৰকে ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ স্ম...

July 17, 2025 9:26 PM

views 33

ধেমাজিত দলীয় কর্মকর্তাৰ সৈতে কৃষিমন্ত্রী অতুল বৰাৰ সাংগঠনিক সভা

কৃষিমন্ত্রী অতুল বৰাই ধেমাজিত আজি দলীয় কর্মকর্তা সকলৰ সৈতে এখন সাংগঠনিক সভাত অংশ লয়। তেওঁ তৃণমূল কর্মীসকলক দলটোৰ প্ৰধান চালিকা শক্তি বুলি অভিহিত কৰে। তৃণমূলৰ কৰ্মকৰ্তা সকলৰ সক্রিয় ভূমিকা আৰু উৎসর্গিত মনোভাৱে সকলোকে সবলভাৱে কাম কৰি যাবলৈ প্ৰেৰণা যোগাই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সমাগত বিভিন্ন পৰিষদীয় নির্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কৰ্মকৰ্তা সকলক অধিক সক্রিয় হ’বলৈ তেওঁ আহ্বান জনায়। লগতে তেওঁ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত সভাত কর্মকর্তা সকলক দিহা-পৰামৰ্শ আগবঢ়ায়।