ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতাৰ কাইলৈ শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ’ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন কাইলৈ গ্রুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউ এ ইৰ সৈতে গ্ৰুপ ‘এ’ত স্থান দিয়া হৈছে। আনহাতে আয়োজক দেশ শ্রীলংকা, বাংলাদেশ, থাইলেণ্ড আৰু মালয়েছিয়াক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োটা গ্ৰুপৰ শীৰ্ষৰ দল দুটাৰ মাজত ২৬ জুলাইত ছেমি ফাইনেল অনুষ্ঠিত হ’ব। আনহাতে, ফাইনেল খেলখন ২৮ জুলাইত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে ভাৰত ২০১৮ চনৰ বাহিৰে প্ৰতিযোগিতাৰ আটাইকেইটা সংস্কৰণতে জয়ী হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।