এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা ৮ বজাত আবু ধাবিত হ’বলগীয়া এখন খেলত বাংলাদেশ, আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত শ্রীলংকাই হংকঙক ৪ উইকেটত পৰাস্ত কৰে। হংকঙৰ ১৫০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰি শ্ৰীলংকাই ১৫৩ ৰানেৰে বিজয় সাব্যস্ত কৰে। শ্ৰীলংকাৰ হৈ পাথুম নিছাংকাই ৬৮ ৰান কৰি প্লেয়াৰ অৱ মেচ সন্মান লাভ কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।
আবু ধাবিৰ জায়েদ ক্রিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্রুপ-এৰ আন এখন খেলত সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে ওমানক ৪২ ৰানত পৰাজিত কৰে। প্ৰথমে বেটিং কৰি ইউ এ ইয়ে নিৰ্ধাৰিত ২০ অ’ভাৰত ৫ উইকেটৰ বিনিয়মত ১৭২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ওমানে আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৩০ ৰানহে কৰিবলৈ সমৰ্থ হয়।