এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিবঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

সংসদত উত্থাপিত এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিব। এনেধৰণৰ ব্যাপক সংস্কাৰৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দেশত ১৯৪৭ চনৰে পৰা ভাৰতীয় জনসাধাৰণৰ মাজত শিপাই থকা ঔপনিৱেশিক মানসিকতাৰ পৰিৱৰ্তনৰ বাবে শক্তিশালী প্রচেষ্টা চলি আছে। ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী কাৰ্যবিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধীনিয়ম প্ৰণয়নৰ সিদ্ধান্ত এনে প্ৰচেষ্টাৰ অন্যতম বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে । তেওঁ কয়, যে নতুন ফৌজদাৰী আইন তিনিখনে শাস্তি প্ৰদানৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ বিষয়টো ফৌজদাৰী ন্যায় ব্যৱস্থাৰ মূল কেন্দ্ৰৰূপে পৰিগণিত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।