January 28, 2025 9:11 PM

views 30

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্ৰীট কাইলৈ নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ’ব

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্ৰীট কাইলৈ নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এইবেলি স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ বেণ্ডৰ সংগীতৰ তালে তালে ৩০ গৰাকী শিল্পীয়ে দৰ্শকক মন্ত্রমুগ্ধ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্য কেন্দ্ৰীয় মন্ত্ৰীসকলে এই অনুষ্ঠানত ভাগ ল'ব।

January 27, 2025 4:25 PM

views 42

গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন

দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান অহা ৩১ জানুৱাৰী পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থাকিব। এই অনুষ্ঠানত ভাগ লোৱা দৰ্শক-শ্রোতাসকলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা সশস্ত্র বাহিনীৰ বেণ্ড, ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাংস্কৃতিক দলসমূহৰ প্ৰদৰ্শন, ভিন ভিন প্রতীকপট আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ অংশ বিশেষ দেখিবলৈ পাব। দেশৰ ভিন ভিন অংশৰ সাংস্কৃতিক ঐতিহ্যৰ মাজৰ গভীৰ সম্পৰ্কক প্ৰতিফলিত কৰা এই বেলিৰ ভাৰত পৰ...

January 27, 2025 4:21 PM

views 42

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক প্রধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই শ্রী মোদীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱসত মেক্ৰ'ৰ উপস্থিতিৰ কথা মনত পেলাই তেওঁ, বিগত বৰ্ষৰ এই অনুষ্ঠানত ফৰাচী ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্রহণে দুয়োখন দেশৰ মাজৰ কৌশলপূৰ্ণ সহযোগিতাক বিশেষ মাত্ৰা প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে একেলগে কাম কৰি থকা বুলি...

January 26, 2025 9:12 PM

views 49

গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদতো ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদতো আজি উলহ মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি আৰক্ষী জোৱান আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱসৰ কাৰ্যসূচী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু হৃষিকেশ ৰয়ৰ লগতে অন্যান্য ন্যায়াধীশ, অধিবক্তা আৰু বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

January 26, 2025 9:04 PM

views 42

ৰাজ্যৰ জিলাসমূহত গণৰাজ্য দিৱসৰ কাৰ্যসুচীত বিভিন্ন মন্ত্ৰীৰ অংশগ্ৰহণ

পৰিবেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত কামৰূপ জিলা প্ৰশাসনে আয়োজন কৰা ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসুচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত নির্দিষ্ট ক্ষেত্রসমূহত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেবাগৰাকী ব্যক্তি তথা কেইবাটাও সংগঠনক অনুষ্ঠানটোত সম্বর্ধনা জনোৱা হয়। তদুপৰি কামৰূপ জিলা প্ৰশাসনে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ব...

January 26, 2025 9:05 PM

views 57

ৰাজ্যৰ বিভিন্ন জিলাত গণৰাজ্য দিৱস উদযাপন

লখিমপুৰ জিলাতো লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদ্যাপন কৰা হয়। অসম চৰকাৰৰ শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি শ্রীগোৱালাই আৰক্ষী আৰু বিভিন্ন নিৰাপত্তা বাহিনীৰ সামৰিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে । বিত্ত তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগে গোলাঘাটত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি দিয়া ভাষণত জিলা স্তৰৰ সকলো বিভাগৰ জনকল্যাণমূলক আঁচনিৰ খতি...

January 26, 2025 7:10 PM

views 40

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা জ্ঞাপন

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। শ্ৰীসোণোৱালে লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। বিশ্ববিদ্যালয়খনে বহু মানৱ সম্পদ সৃষ্টিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ত পঢ়ি থকা কালৰ স্মৃতি সোঁৱৰে।

January 26, 2025 12:09 PM

views 34

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া কেইবাখনো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। আজি সন্ধিয়া ৬ বজাত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত এই উপলক্ষে আয়োজিত কার্যসূচীত মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শক্তি মন্ত্রী প্ৰশান্ত ফুকন, বিধায়ৰ চক্ৰধৰ গগৈ আৰু বিনোদ হাজৰিকায়েও অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ১৫৮ ক...

January 26, 2025 11:37 AM

views 50

সমগ্ৰ দেশত ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন

আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত এই দিৱসৰ মূল অনুষ্ঠানত ৰাষ্ট্ৰক নেতৃত্ব দিয়ে। গণৰাজ্য দিৱসৰ কুচ-কাৱাজৰ আৰম্ভণিতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পার্ঘ্য নিবেদন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পৰম্পৰাগত ঘোঁৰা বাগীৰে কৰ্তব্য পথত উপস্থিত হোৱাৰ পাছত সুৰক্ষা বাহিনীসমূহৰ সন্মিলিত অভিবাদন গ্ৰহণ কৰে। এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টো মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দে...

January 26, 2025 11:09 AM

views 31

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি আৰু ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ গণতন্ত্রক শক্তিশালী কৰাত সংবিধানৰ বিশেষ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে সকলো প্ৰত্যাহ্বান নেওচি আগুৱাই যাবলৈ ভাৰতবৰ্ষ প্রতিশ্রুতিবদ্ধ।